Home Daily news সুখবৰ : অৰুণাচল প্ৰদেশৰ অৰ্কিডৰ তালিকাত নতুন নাম সংযোজন

সুখবৰ : অৰুণাচল প্ৰদেশৰ অৰ্কিডৰ তালিকাত নতুন নাম সংযোজন

উত্তৰ-পূৰ্বাঞ্চলৰ নাম অৰ্কিডৰ বাবে বিশেষভাৱে লোৱা হয়৷ তাৰে ভিতৰত অৰুণাচল প্ৰদেশতে আটাইতকৈ বেছি অৰ্কিডৰ প্ৰজাতি পোৱা যায়৷ অৰুণাচল প্ৰদেশৰ অৰ্কিডৰ তালিকাত অলপতে এবিধ নতুন অৰ্কিড প্ৰজাতিৰ নাম সন্নিৱিষ্ট হৈছে৷ যিটো কেৱল অৰুণাচলৰ বাবেই নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবেই গৌৰৱৰ বিষয়৷ নতুনকৈ আৱিষ্কাৰ হোৱা অৰ্কিড প্ৰজাতিটোৰ নাম হ’ল Schoenorchis mishmensis৷ এই নতুন আৱিষ্কৃত অৰ্কিডবিধৰ বিষয়ে অলপতে নিউজিলেণ্ডৰ পৰা প্ৰকাশ পোৱা ফাইট’টেক্সা নামৰ জাৰ্নেলখনত বিস্তৃতভাৱে প্ৰকাশ পাইছে৷ উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্কিড বিশেষজ্ঞ তিনিচুকীয়া জিলাৰ দাইছাৰ বাসিন্দা ক্ষণজিত গগৈয়ে এই অৰ্কিডবিধ অৰুণাচল প্ৰদেশৰ লৱাৰ ডিবাং ভেলী জিলাৰ মিছিমি হিল্‌ছত আৱিষ্কাৰ কৰে৷ 
অৱশ্যে এই অৰ্কিডবিধ ২০১৯ চনতে বনাঞ্চলত প্ৰত্যক্ষ কৰিছিল লগৰ দুজন সহকৰ্মী ক্ৰমে প্ৰণৱ মেগা আৰু কে চাউলুৰ সৈতে৷ এই প্ৰজাতি অৰ্কিডবিধ Schoenorchis জাতিৰ আন কেইবাটাও প্ৰজাতিৰ লগত সাদৃশ্য আছিল যদিও ইয়াক এটা নতুন প্ৰজাতিৰ বুলি সন্দেহ কৰা হৈছিল৷ বহু বিশ্লেষণৰ পৰা এই প্ৰজাতিটো অৰ্কিড পৰিয়ালৰেই এক নতুন সদস্য বুলি অৱশেষত স্বীকৃতি লাভ কৰিলে৷ যাৰ বাবে নতুন অৰ্কিডবিধৰ নাম মিছিমি হিল্‌ছৰ নামৰ লগত ৰজিতা খুৱাই ক্ষণজিত গগৈয়ে প্ৰদান কৰে৷ এই অৰ্কিডবিধ এবিধ পৰাশ্ৰয়ী উদ্ভিদ৷ জুলাইৰ পৰা অক্টোবৰৰ ভিতৰত সৰু সৰু ফুল ফুলে৷ প্ৰজাতিবিধৰ সংখ্যা খুব কম হোৱাৰ বাবে ইয়াক দুষ্প্ৰাপ্যৰ শ্ৰেণীতে থোৱা হৈছে৷ অৰুণাচল প্ৰদেশত এই প্ৰজাতিক লৈ মুঠ ৬৭২টা অৰ্কিড প্ৰজাতি পোৱা যায়৷ ইয়াৰে প্তবিধ অৰ্কিড প্ৰজাতি ক্ষণজিত গগৈয়ে আৱিষ্কাৰ কৰিছে৷

Most Popular

চাহৰ সৈতে বিস্কুট কিমান স্বাস্থ্যকৰ ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

চাহৰ সৈতে বিস্কুটকিমান স্বাস্থ্যকৰ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

স্বৰ্গ-মৰ্ত্যৰ মাজৰ এই উপত্যকা!য’ত সময়ো থমকি ৰৈছে

ছাংগ্ৰিলা উপত্যকা– সঁচাকৈয়ে কি আছে এই ৰহস্যময় উপত্যকাত৷ ইয়াক লৈ বিভিন্ন সময়ত নানা প্ৰশ্নৰ উদয় হৈছে৷ ইয়াৰ ৰহস্য...

ভূপৃষ্ঠত সূৰ্যৰ উৎপত্তিৰ আগতেই পানী আছিল : কোনে ক’লে?

বিশ্বব্ৰহ্মাণ্ডত নক্ষত্ৰ সৃষ্টি হোৱাৰ আগৰে পৰাই পানী আছিল৷ বিজ্ঞানীসকলে ইয়াৰ তথ্য লাভ কৰিছে৷ উল্লেখ্য যে বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডত প্ৰথমে নক্ষত্ৰ, পানী, পৃথিৱী নে...