Home Daily news সাৱধান ! মহানগৰীত খাদ্য সুৰক্ষা বিভাগৰ অভিযান

সাৱধান ! মহানগৰীত খাদ্য সুৰক্ষা বিভাগৰ অভিযান

মহানগৰত অব্যাহত আছে ভেজাল ফলৰ বেহা৷ গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ বজাৰত  এচাম অসাধু ব্যৱসায়ীয়ে বিষাক্ত ৰাসায়নিক দ্ৰব্য ব্যৱহাৰেৰে পকোৱা ফল বিক্ৰী কৰি আছে৷ ফাঁচি বজাৰৰ ফল-মূলৰ ব্যাৱসায়িক প্ৰতিষ্ঠানত খাদ্য সুৰক্ষা বিভাগে যোৱা ২৬ এপ্ৰিলত অভিযান চলায়৷ এম এছ ৰোড আৰু এছ আৰ চি বি ৰোডৰ সাতখনকৈ পাইকাৰী ফল-মূলৰ ব্যাৱসায়িক প্ৰতিষ্ঠানত চলা এই অভিযানত বিষাক্ত ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰি পকোৱা বৃহৎ পৰিমাণৰ ফল জব্দ কৰা হয়৷ 
উল্লেখ্য যে মহানগৰৰ বজাৰত উপলব্ধ ফলে আপোনাৰ জীৱনলৈ ভয়াৱহ বিপদ কঢ়িয়াই আনিছে৷ কাৰণ মহানগৰলৈ দৈনিক ট্ৰাকে ট্ৰাকে বহিঃৰাজ্যৰ পৰা আহিছে সুস্বাদু ফল৷ কিন্তু অধিক লাভৰ আশাত ব্যৱসায়ীসকলে অপৈণত অৱস্থাতে গছৰ পৰা ছিঙি অনা ফল গুৱাহাটীৰ বজাৰত বিক্ৰীৰ বাবে আনি পকাবলৈ ব্যৱহাৰ কৰিছে কেলচিয়াম কাৰ্বাইড৷ 
যি স্বাস্থ্যৰ পক্ষে যথেষ্ট ক্ষতিকাৰক৷ যাৰ ফলস্বৰূপে এনেদৰে পকোৱা ফল খোৱাটো স্বাস্থ্যৰ পক্ষে হানিকাৰক হৈ পৰিছে৷ সেয়েহে মহানগৰীৰ ফল খোৱাটো শৰীৰৰ কাৰণে বিপজ্জনক হিচাপে দেখা দিছে৷

Most Popular

বেদতে আছিল বিজ্ঞানৰ সমস্ত সূত্ৰতোলপাৰ লগাইছে এই দাবীয়ে

বিজ্ঞানৰ সমস্ত সূত্ৰ বেদতে আছিল৷ এই দাবী কৰিছে ইছৰ’ৰ অধ্যক্ষ এছ সোমনাথে৷ ভাৰতৰ মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ৰ অধ্যক্ষ সোমনাথে কোৱা মতে...

প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰপৰাপৃথিৱীলৈ এলিয়েন ছিগ্‌নেল প্ৰেৰণ

পৃথিৱীৰ বাহিৰতো আন জীৱৰ সন্ধান অব্যাহত থকা অৱস্থাত প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰ পৰা পৃথিৱীলৈ মহাবিশ্বৰ এটা সংকেত প্ৰেৰণ কৰা হৈছে৷ আন...

সুখবৰ : ডায়েবেটিছৰ বাবে বিশ্বৰ প্ৰথম অৰেল ইনছুলিন উদ্ভাৱন

বৰ্তমান বিশ্বত ডায়েবেটিছ ৰোগে ভয়াৱহভাৱে দেখা দিছে৷ অনিয়মীয়া খাদ্য গ্ৰহণ, দৈনন্দিন জীৱন প্ৰণালীৰ সালসলনি, আৰামপ্ৰিয় জীৱন, পৰিশ্ৰমহীন কৰ্ম, খাদ্য সামগ্ৰী ভেজালকৰণ ইয়াৰ...

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,