দেশত আন ১৬টা ইউটিউব চেনেল নিষিদ্ধ

0
1044

ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা, বৈদেশিক সম্পৰ্ক আৰু ৰাজহুৱা শৃংখলা সম্পৰ্কীয় মিছা তথ্য বিয়পোৱাৰ কাৰণে কেন্দ্ৰই ১৬টা ইউটিউব চেনেল আৰু এটা ফে’চবুক একাউণ্ট নিষিদ্ধ কৰে৷ ইউটিউব চেনেলবোৰৰ ভিতৰত ছটা পাকিস্তানৰ পৰা চলাই থকা হৈছিল৷ 
বাকী ১০টা চেনেল ভাৰতৰ৷ এটা চৰকাৰী বিবৃতিত এই কথা কোৱা হৈছে৷ নিষিদ্ধ কৰা ১৬টা ইউটিউব চেনেল আৰু ফে’চবুক একাউণ্টটোৰ মুঠ ভিৱাৰশ্বিপ ৬৮ কোটিৰো অধিক৷ অৰ্থাৎ ৬৮ কোটিৰো অধিক লোকে সেইবোৰ চায়৷ 
চৰকাৰে কয় যে ভাৰতত আতংকৰ সৃষ্টি কৰিবলৈ, সাম্প্ৰদায়িক অশান্তিত উচটনি দিবলৈ আৰু ৰাজহুৱা শৃংখলা বিঘ্নিত কৰিবলৈ এই চেনেলবোৰে মিছা, সত্যতা পৰীক্ষা নকৰা তথ্য বিয়পাই আছে৷ তদুপৰি কোনো এটা ডিজিটেল নিউজ পাব্লিশ্বাৰে ২০২১ চনৰ তথ্য-প্ৰযুক্তি বিধিৰ ১৮ নম্বৰ ৰুলৰ অধীনত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ক প্ৰয়োজনীয় তথ্য দাখিল কৰা নাছিল৷ 
উল্লেখযোগ্য যে এই মাহৰ আগভাগতো চৰকাৰে ২২টা ইউটিউব চেনেল নিষিদ্ধ কৰিছিল৷ তাৰ আগতে যোৱা বছৰৰ ডিচেম্বৰত নিষিদ্ধ কৰিছিল ২০টা৷ এই চেনেলবোৰৰ কিছুমান চলাই থকা হৈছিল পাকিস্তানৰ পৰা৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here