সাৱধান! ভেক্‌চিন নোলোৱা লোকৰ বিৰুদ্ধে নিষেধাজ্ঞা || Prohibitory orders against people who have not taken vaccine

0
809
ইউৰোপ মহাদেশ ক’ভিড-১৯ মহামাৰীৰ এতিয়াও অভিকেন্দ্ৰ হৈ আছে৷ ইয়াৰ কাৰণ হ’ল মহাদেশখনৰ বিভিন্ন দেশত কৰ’নাৰ সংক্ৰমণে অভিলেখৰ সৃষ্টি কৰাটো৷ প্ৰায় দুবছৰ নিষেধাজ্ঞা আৰোপ কৰা সত্ত্বেও ইউৰোপত কৰ’নাৰ সংক্ৰমণ হ্ৰাস পোৱা নাই৷ ইয়াৰ বিপৰীতে সংক্ৰমণৰ হাৰ তীব্ৰ গতিত বৃদ্ধিহে পাইছে৷ অধিক সংকটৰ সৃষ্টি কৰিছে এতিয়ালৈকে কৰ’নাৰ টিকাকৰণ নকৰা লোকসকলে৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰসমূহে ভেক্‌চিন নোলোৱা লোকসকলৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ নিষেধাজ্ঞা আৰোপ কৰিবলৈ লৈছে৷ ইয়াৰ ফলত এই লোকসকলে টিকাকৰণ কৰিবলৈ আগবাঢ়ি আহিব বুলি আশা কৰা হৈছে৷ সেই অনুসৰি অষ্ট্ৰিয়াত অহা ১ ফেব্ৰুৱাৰীৰ পৰা কৰ’নাৰ ভেক্‌চিন লোৱাটো বাধ্যতামূলক কৰা হৈছে৷ শ্ল’ভাকিয়াত অত্যাৱশ্যকীয় সামগ্ৰী বিক্ৰী নকৰা দোকান তথা শ্বপিং মলত ভেকচিন নোলোৱা ব্যক্তিৰ প্ৰৱেশ নিষিদ্ধ কৰিছে৷ ইয়াৰ লগতে ভেক্‌চিন নোলোৱা ব্যক্তি ৰাজহুৱা স্থানলৈও যাব নোৱাৰিব৷ গ্ৰীছত ভেক্‌চিন নোলোৱা লোকৰ কৰ’নাৰ পৰীক্ষাৰ ফল নিগেটিভ হ’লেও বাৰ, ৰেস্তোৰাঁ, চিনেমা হল, থিয়েটাৰ, সংগ্ৰহালয় আদিত প্ৰৱেশত বাধা আৰোপ কৰা হৈছে৷ জাৰ্মানিতো অচিৰেই ভেকচিন নোলোৱা লোকৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰা হ’ব৷ ইফালে চেক গণৰাজ্যত ভেক্‌চিন নোলোৱা লোকৰ বিৰুদ্ধে আৰোপ কৰা নিষেধাজ্ঞাৰ প্ৰতিবাদত প্ৰাগত হাজাৰ হাজাৰ লোকে বিক্ষোভ প্ৰদৰ্শন কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here