Home Daily news সাৰ-কীটনাশকৰ ভয়ংকৰ প্ৰভাৱ খোৱাপানীটুপি বিষাক্ত হোৱাৰ অভিযোগ

সাৰ-কীটনাশকৰ ভয়ংকৰ প্ৰভাৱ খোৱাপানীটুপি বিষাক্ত হোৱাৰ অভিযোগ

খেতিৰ ফচল অধিক পোৱাৰ আশাত আজিকালি খেতিপথাৰ তথা চাহকে ধৰি সকলো খেতিতে অত্যধিক মাত্ৰাত সাৰ প্ৰয়োগ কৰা দেখা যায়৷ ৰাজ্যৰ কৃষকে খেতিপথাৰত অত্যধিক মাত্ৰাত কীটনাশক তথা সাৰ প্ৰয়োগ কৰাৰ ফলত ভূগৰ্ভৰ পানীটুপি বিষাক্ত হৈ পৰিছে৷ এই সন্দৰ্ভত গুৱাহাটী উচ্ছ ন্যায়ালয়ত এখন ৰাজহুৱা  স্বাৰ্থজড়িত লেখ আৱেদন দাখিল কৰা হয়৷ সাৰ প্ৰয়োগৰ ফলত ভূগৰ্ভস্থ পানী প্ৰদূষিত হোৱা সন্দৰ্ভত সীমা ভূঞাই দাখিল কৰে ৰাজহুৱা স্বাৰ্থজড়িত আৱেদন৷ ন্যায়ালয়ে আৱেদনখনৰ শুনানি গ্ৰহণ কৰি এই সন্দৰ্ভত যাৱতীয় নমুনা পৰীক্ষা কৰিবৰ বাবে কেইবাজনো বিশেষজ্ঞ লোকক লৈ পুনৰ এখন সমিতি গঠন কৰি দিলে গুৱাহাটী উচ্ছ ন্যায়ালয়ে৷ ইয়াৰ লগতে উচ্ছ ন্যায়ালয়ে ২৫ নৱেম্বৰৰ ভিতৰত ইয়াৰ প্ৰতিবেদন দাখিল কৰিবলৈ লগতে উল্লেখ কৰে৷ উল্লেখ্য যে ৰাজ্যৰ খেতিপথাৰ আৰু চাহ বাগিচাসমূহত অধিক মাত্ৰাত ব্যৱহাৰ কৰা কীটনাশক ঔষধ তথা সাৰে ভূগৰ্ভৰ পানী ভয়ানকভাৱে দূষিত কৰাৰ ফলত কৰ্কট আদিৰ দৰে দুৰাৰোগ্য ৰোগ বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে৷ ইয়াৰ পৰা কিদৰে পৰিত্ৰাণ পাব পাৰি, তাৰ ওপৰত ভিত্তি কৰি সীমা ভূঞাই ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজড়িত আৱেদন দাখিল কৰিছিল৷

Most Popular

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ঘণ্টা ঘণ্টা ধৰি কাণত হেডফোনথাকিলে হ’ব পাৰে এই মহা বিপদ

নিয়মিতভাৱে হেডফোন ব্যৱহাৰ কৰিলে বিভিন্ন সমস্যাই দেখা দিব পাৰে৷ এই তালিকাত কিছু ভয়াৱহ ৰোগৰ নামো সন্নিৱিষ্ট হৈছে৷ সময় থাকোঁতে সেয়ে এই বিষয়ে...

তিতাকেৰেলা এইবোৰৰসৈতে ভুলতো নাখাব

খাবলৈ তিতা হ’লেও তিতাকেৰেলা যে আমাৰ শৰীৰৰ বাবে ভীষণ উপকাৰী সেই কথা সকলোৱে জানে৷ তিতাকেৰেলা এনে এবিধ পাচলি, যাৰ আছে হাজাৰটা ঔষধি...