পৰিৱেশৰ সুৰক্ষাৰ বাবে প্ৰতিগৰাকী নাগৰিকে দায়িত্ব ল’ব লাগিব : কোনে ক’লে ?

0
149

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটাৰেছে ‘মিছন লাইফ’ [লাইফষ্টাইল ফৰ এনভায়ৰনমেণ্ট] উদ্বোধন কৰে৷ গুজৰাটৰ নৰ্মদা জিলাৰ কেৱড়িয়াৰ একতা নগৰত থকা চৰ্দাৰ বল্লভ ভাই পেটেলৰ ‘ষ্টেচু অব্‌ ইউনিটি’ত আয়োজন কৰা মিছন লাইফত সমগ্ৰ বিশ্বত থকা ৰাষ্ট্ৰদূতসকল আৰু উচ্ছায়ুক্তসকলকে ধৰি ভাৰতীয় মিছনবোৰৰ শতাধিক মুৰববীয়ে অংশগ্ৰহণ কৰিছে৷ এই তিনিদিনীয়া সন্মিলনৰ উদ্দেশ্য হ’ল পৰিৱেশৰ সুৰক্ষা দিশত ভাৰতৰ নেতৃত্বত আন্তঃৰাষ্ট্ৰীয় এটা গণ আন্দোলন চলোৱা৷ ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে জলবায়ুৰ পৰিৱৰ্তন কেৱল এটা নীতিগত বিষয় নহয়৷ পৰিৱেশৰ সুৰক্ষাৰ বাবে প্ৰতিজন নাগৰিকে দায়িত্ব ল’ব লাগিব৷ যোগৰ শক্তিয়ে আৰু এতিয়া মিলেটৰ শক্তিৰে ভাৰতে বিশ্বক ঐক্যবদ্ধ কৰাৰ দৰে, আমি আশা কৰোঁ, মিছন লাইফ এটা দীৰ্ঘস্থায়ী বা বহনক্ষম ভৱিষ্যতৰ বাবে বিশ্বক এক কৰিব পৰা আন এটা পদক্ষেপ হ’ব, তেওঁ কয়৷ ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান গুটাৰেছে উল্লেখ কৰে যে বৰ্তমান সময়ত জলবায়ুৰ পৰিৱৰ্তন অস্তিত্বৰ প্ৰতি আটাইতকৈ ডাঙৰ ভাবুকি৷ কিন্তু ‘লাইফ’ৰ দৰে প্ৰচেষ্টাবোৰ এই দিশত শুদ্ধ পদক্ষেপ৷ গুটাৰেছে লগতে কম প্লাষ্টিক ব্যৱহাৰ কৰি, শক্তি সঞ্চয় কৰি, পৰিষ্কাৰ ৰন্ধন প্ৰযুক্তি ব্যৱস্থাৰ কৰি, সচেতনভাৱে খাদ্য খাই কাৰ্বন ফুটপ্ৰিণ্ট হ্ৰাস কৰিবলৈ প্ৰত্যেকেই ল’ব পৰা সৰু পদক্ষেপবোৰত গুৰুত্ব আৰোপ কৰে৷  বিশ্বৰ ৮০ শতাংশ গ্ৰীন হাউছ গেছ নিৰ্গমন কৰে জি-২০১ দেশসমূহে৷ তেওঁ কয় যে কিছুমান লোকে এ চিৰ উষ্ণতা ১৭ ডিগ্ৰীলৈ কমাই দিয়ে, ই পৰিৱেশত নেতিবাচক প্ৰভাৱ পেলায়৷ জিমলৈ যাওঁতে চাইকেল ব্যৱহাৰ কৰক, আমি যদি আমাৰ জীৱনশৈলী সামান্য সলনি কৰোঁ তেন্তে পৰিৱেশৰ প্ৰতি ডাঙৰ সহায় কৰা হ’ব’, তেওঁ কয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here