Home Daily news সাফল্য : মহানগৰীত একেদিনাই ২১ কোটি টকা মূল্যৰ ড্ৰাগ্‌ছ জব্দ

সাফল্য : মহানগৰীত একেদিনাই ২১ কোটি টকা মূল্যৰ ড্ৰাগ্‌ছ জব্দ

অসম আৰক্ষীয়ে ড্ৰাগ্‌ছ-বিৰোধী অভিযান অব্যাহত ৰাখিছে৷ চৰকাৰৰ কঠোৰ স্থিতিৰ পাছত অসম আৰক্ষীয়ে লোৱা পদক্ষেপত ইতিমধ্যে শ শ কোটি টকাৰ ড্ৰাগ্‌ছ জব্দ হোৱাৰ পাছতো অসমৰ মাজেৰে ড্ৰাগ্‌ছ সৰবৰাহ অব্যাহত আছে৷ কিন্তু সতৰ্ক অসম আৰক্ষীৰ অভিযানত একেদিনাই গুৱাহাটীত ২১ কোটি টকাতকৈ অধিক মূল্যৰ ড্ৰাগ্‌ছ জব্দ কৰাৰ লগতে ৩টা সৰবৰাহকাৰীক  গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ মহানগৰ আৰক্ষীয়ে চলোৱা দুটা পৃথক ড্ৰাগছ-বিৰোধী অভিযানত সোণাপুৰ আৰু গড়চুকত মুঠ ৮০ হাজাৰ য়াবা টেবলেট জব্দ কৰে৷ সোণাপুৰত সমগ্ৰ নিশা অভিযান চলোৱাৰ পাছত আজি পুৱা গুৱাহাটী অভিমুখে এখন বিলাসী গাড়ীত আনি থকা ৬০ হাজাৰ নিচাযুক্ত য়াবা টেবলেট মহানগৰ আৰক্ষীয়ে জব্দ কৰাৰ লগতে এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে৷ গড়চুকতো এখন জাইল’ গাড়ীত সৰবৰাহ কৰিবলৈ চেষ্টা কৰা অৱস্থাত ২০ হাজাৰ য়াবা টেবলেট জব্দ কৰাৰ লগতে দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে৷
প্ৰাপ্ত তথ্য অনুসৰি, মহানগৰ আৰক্ষীৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত চলা অভিযানত সোণাপুৰ টোলগে’টত মণিপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকা এখন আই২০ গাড়ীত লুকুৱাই অনা প্ৰায় ৬০ হাজাৰ য়াবা টেবলেট জব্দ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে দিল্লীত পঞ্জীয়ন কৰা গাড়ীখনৰ পিছফালে বিশেষ চেম্বাৰ বনায় আৰু স্পেয়াৰ চকাৰ ভিতৰত কৌশলেৰে লুকুৱাই অনা প্ৰায় ৬০ হাজাৰ য়াবা টেবলেটখিনি উদ্ধাৰ হয়৷ টেবলেটখিনি আন্তঃৰাষ্ট্ৰীয় বজাৰত মূল্য প্ৰায় ১৫ কোটি টকা হ’ব বুলি আৰক্ষীয়ে অৱগত কৰিছে৷ আৰক্ষীয়ে গাড়ীখনৰ চালক মণিপুৰৰ থৌবাল জিলাৰ লিলং আৰক্ষী থানাৰ অন্তৰ্গত মায়াইলেইকাল গাঁৱৰ বাসিন্দা আজমল খানক গ্ৰেপ্তাৰ কৰে৷ আনহাতে যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত মহানগৰ আৰক্ষীয়ে চলোৱা আন এটা অভিযানত গুৱাহাটীৰ পৰা দক্ষিণ শালমাৰা-মানকাচৰ অভিমুখে গৈ থকা অৱস্থাত এখন জাইল’ গাড়ীত সৰবৰাহ কৰিবলৈ চেষ্টা কৰা ২০ হাজাৰ য়াবা টেবলেট জব্দ কৰে৷ জব্দ কৰা টেবলেটখিনিৰ মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰায় ৬ কোটি টকা হ’ব বুলি আৰক্ষীয়ে সদৰী কৰিছে৷

Most Popular

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ঘণ্টা ঘণ্টা ধৰি কাণত হেডফোনথাকিলে হ’ব পাৰে এই মহা বিপদ

নিয়মিতভাৱে হেডফোন ব্যৱহাৰ কৰিলে বিভিন্ন সমস্যাই দেখা দিব পাৰে৷ এই তালিকাত কিছু ভয়াৱহ ৰোগৰ নামো সন্নিৱিষ্ট হৈছে৷ সময় থাকোঁতে সেয়ে এই বিষয়ে...

তিতাকেৰেলা এইবোৰৰসৈতে ভুলতো নাখাব

খাবলৈ তিতা হ’লেও তিতাকেৰেলা যে আমাৰ শৰীৰৰ বাবে ভীষণ উপকাৰী সেই কথা সকলোৱে জানে৷ তিতাকেৰেলা এনে এবিধ পাচলি, যাৰ আছে হাজাৰটা ঔষধি...