Home Diet Plus শৰীৰৰ বাবে মিৰাকল পালেং শাক || Spinach: a miracle for the body

শৰীৰৰ বাবে মিৰাকল পালেং শাক || Spinach: a miracle for the body

শাক আমাৰ শৰীৰৰ বাবে খুবেই স্বাস্থ্যকৰ৷ কিন্তু পালেং শাক সকলোতকৈ বেছি উপকাৰী যেন বোধ হয়৷ পালেং শাক ভিটামিন আৰু খনিজৰ এটা ভাল উৎস হোৱা বাবে স্বাস্থ্যৰ পক্ষে দৰকাৰী৷ ইয়াত ভিটামিন-A, ভিটামিন-C, মেগনেচিয়াম, আইৰন, মেংগানিজ আদি প্ৰচুৰ পৰিমাণে পোৱা যায়৷ আপোনাৰ দৈনন্দিন খাদ্য তালিকাত পালেং শাক অন্তৰ্ভুক্ত কৰিলে স্বাস্থ্যৰ সমস্যা নিৰাময়ত সহায় কৰে৷ পালেং শাক খালে কি কি উপকাৰ হয় জানো আহক৷
Spinach with Sesame and Garlic Recipe

(১) পালেং শাকত প্ৰচুৰ পৰিমাণে লুটেইন আৰু জেক্সানথিন পোৱা যায় বাবে চকুৰ কাৰণে উপকাৰী৷ চকুৰ দৃষ্টিশক্তি উন্নত কৰা, কেৰোটিনয়ডৰ উপস্থিতিত ছানি আৰু মেকুলাৰ অৱক্ষয় প্ৰতিৰোধ কৰাত সহায় কৰে৷


(২) পালেং শাকত প্ৰচুৰ পৰিমাণে ভিটামিন-A, ভিটামিন-C, ভিটামিন-K, মেগনেচিয়াম, আইৰন আদি পোৱা যায়, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত সহায় কৰে৷


(৩) তদুপৰি পালেং শাকে অক্সিডেটিভ ষ্ট্ৰেচৰ বিৰুদ্ধে যুঁজ কৰাত সহায় কৰে৷

Spinach Is the Best Brain Food. Here's Why


(৪) নাইট্ৰেট সমৃদ্ধ পালেং শাকে তেজত ৰক্তচাপৰ মাত্ৰাৰ ভাৰসাম্য বজাই ৰখাত সহায় কৰে৷ যাৰ ফলত কৰোনাৰী ৰোগৰ সম্ভাৱনা হ্ৰাস পায়৷


(৫) কেঞ্চাৰ ৰোগৰ বৃদ্ধি পালেং শাকে কমাব পাৰে৷ ইয়াত থকা MGDG আৰু SQDG উপাদান দুবিধে কেঞ্চাৰ কোষৰ সৈতে যুঁজ কৰাৰ ফলত ৰোগৰ আশংকা কমি থাকে৷

Most Popular

বেচনৰ হেয়াৰ মাস্ক : চুলিৰ যত্নত কিদৰে ব্যৱহাৰ কৰিব ?

বহু যুগ ধৰি সৌন্দৰ্য বজাই ৰখাৰ বাবে বেচন ব্যৱহাৰ হৈ আহিছে৷ ছালৰ উজ্জ্বলতা, ব্ৰুন বা মুখৰ দাগ, পিগমেণ্টটেশ্যন আদি ছালৰ যিকোনো সমস্যা...

টাইগ্ৰীছৰ পাৰত ৰহস্যময় সাম্ৰাজ্যৰ সন্ধান লাভ !

টাইগ্ৰীছ নদীৰ কাষত এখন প্ৰাচীন মহানগৰৰ সন্ধান পোৱা গৈছে৷ এই মহানগৰখন প্ৰাচীন মিট্টানি সাম্ৰাজ্যৰ আছিল৷ এই নগৰখন মিট্টানিৰ...

ৰহস্যময় মৰুভূমি ! গৰম নহয়, য’ত বৰফ পৰে ক’ত জানেনে ?

পৃথিৱীত সৰু ডাঙৰ বিভিন্ন প্ৰকাৰৰ মৰুভূ্‌মি আছে৷ ইয়াৰ ভিতৰত ভাৰতৰ থৰ আৰু আফ্ৰিকাৰ থৰ মৰুভূমিৰ নাম নিশ্চয় শুনিছে৷ মৰুভূমিবোৰ সাধাৰণতে শুষ্ক, বালিময়...

শকত হোৱাটোও অপৰাধ: ভৰিব লাগে জৰিমনা ঃ ক’ত !

শৰীৰৰ ওজন বৃদ্ধি হোৱাৰ ফলত আমাৰ নানা শাৰীৰিক সমস্যাই দেখা দিয়ে৷ মেদবহুলতা বা ওজন বৃদ্ধিৰ লগত কেইবাটাও গুৰুতৰ ৰোগৰ সম্পৰ্ক আছে৷ ইয়াৰ...