গৰম দিনতকৈ শীতকালত ছালৰ সমস্যাই অধিক হোৱা দেখা যায়৷ শীতকালত আমাৰ ছালখন অধিক ৰুক্ষ হৈ পৰে৷ এনেকুৱা বহুতো ফল আছে, যাৰ ব্যৱহাৰৰ দ্বাৰা শীতকালত আমাৰ ছালখনৰ যতন ল’ব পাৰোঁ৷
(১) আপেল : দিনত এটাকৈ আপেল খালে ছালৰ উজ্জ্বলতা বৃদ্ধি পায় লগতে আপেলৰ ৰস মুখত লগাই ১০ মিনিটমান পাছত ধুই দিব লাগে৷
(২) গাজৰ : গাজৰত প্ৰচুৰ পৰিমাণে বিটা কেৰ’টিন, ভিটামিন-চি থাকে আৰু ইয়াত এণ্টিঅক্সিডেণ্ট পোৱা যায়৷ যিয়ে মুখত বয়সৰ চাপ পৰাত বাধা দিয়ে৷ এটা গাজৰ ৰুকি লৈ তাত অকণমান মৌ মিহলাই ছালত লগালে ছালৰ উজ্জ্বলতা বৃদ্ধি পায়৷
(৩) বিট : বিটৰ ৰস উলিয়াই মুখত লগালে মুখৰ দাগ নাইকিয়া হয়৷ কাৰণ তাত ভিটামিন আৰু মিনাৰেল পোৱা যায়৷ যিয়ে মুখৰ উজ্জ্বলতা বৃদ্ধিত সহায় কৰে৷
(৪) কল : কলত প্ৰচুৰ পৰিমাণে পটেচিয়াম থাকে, যিয়ে ছালখন মসৃণ কৰে৷
(৫) ষ্ট্ৰবেৰি : ষ্ট্ৰবেৰিত প্ৰচুৰ পৰিমাণে আলফা হাইড্ৰক্সিল এচিড পোৱা যায়, যিয়ে ছালৰ মৰা কোষ আঁতৰোৱাত সহায় কৰে৷ ইয়াত থকা ভিটামিন-চিয়ে মুখত পৰা ৰিংকল দূৰ কৰাত সহায় কৰে৷ ইয়াৰ বাবে কক’পাউডাৰ, মৌ আৰু ষ্ট্ৰবেৰি একেলগে মিহলাই সানিব লাগে৷
(৬) কমলা : কমলাত প্ৰচুৰ পৰিমাণে ভিটামিন-চি আৰু এণ্টিঅক্সিডেণ্ট পোৱা যায়, যিয়ে ছালখনৰ উজ্জ্বলতা বঢ়ায়৷
শীতকালত ছালৰ যতনৰ ক্ষেত্ৰত ফলৰ ভূমিকা কি?
Appreciation
March 31, 2022
Very informative. Helpful for people irrespective of age, gender, education and to develop fundamental knowledge on various food and beverages around us.
very useful website
November 6, 2021
For me, health is everything. Without a healthy body we cannot perform our level best. So, people, who are concern about their health, can visit this website regularly.
Strong information on health
March 12, 2021
From this website anyone can get good information on health. As health is wealth, so, following this website let’s take care for our health.