Home Diet Plus শিশুৰ স্মৃতিশক্তি বঢ়াবলৈ এইবোৰ খাদ্য নিয়মিতভাৱে খুৱাওক

শিশুৰ স্মৃতিশক্তি বঢ়াবলৈ এইবোৰ খাদ্য নিয়মিতভাৱে খুৱাওক

শিশু অৱস্থা বা শিশুকালত আপোনাৰ সন্তানক পুষ্টিকৰ খাদ্য খুওৱাটো অত্যন্ত দৰকাৰ৷ কিয়নো এই সময়খিনিত শিশু এটিৰ পুষ্টিকৰ খাদ্য যিমান প্ৰয়োজন, শিশুটিৰ মানসিক, শাৰীৰিক বিকাশৰ বাবে প্ৰয়োজনীয় সুষম আহাৰ৷ এই সময়ছোৱাত পুষ্টিকৰ খাদ্যৰ অভাৱ হ’লে মস্তিষ্কৰ বিকাশ, স্মৃতিশক্তিৰ বিকাশত ব্যাধাত জন্মিব পাৰে৷ ইউনিছেফে জনোৱা অনুসৰি ৩ বছৰৰ পৰা ৫ বছৰ বয়সৰ শিশুৰ ক্ষেত্ৰত খাদ্য খোৱাৰ আটাইতকৈ গুৰুত্ব দিব লাগে৷ তেতিয়াহে শিশুৰ মন, শৰীৰ তথা স্মৃতিশক্তিৰ সঠিক বিকাশ হ’ব পাৰে৷ এই বয়সৰ সৰু ল’ৰা-ছোৱালীৰ কি কি খাদ্য খুওৱা উচিত জানো আহক৷
আমাৰ মস্তিষ্কৰ গঠন তথা বিকাশৰ বাবে ওমেগা৩ অত্যন্ত গুৰুত্বপূৰ্ণ উপাদান৷ শৰীৰত ইয়াৰ অভাৱ হ’লে মস্তিষ্কৰ সঠিক বিকাশত ব্যাধাত জন্মিব পাৰে৷ ইয়াৰ উপৰি স্মৃতিশক্তি দুৰ্বল হ’ব পাৰে ওমেগা-৩ৰ অভাৱ হ’লে৷ সেয়েহে ওমেগা-৩যুক্ত খাদ্য কণী, মাছ অদি শিশু অৱস্থাত খাবলৈ দিব লাগে, যিয়ে শিশুটিৰ মগজু তথা স্মৃতিশক্তিৰ সঠিক বিকাশ সাধন কৰে৷
বিভিন্ন বাদামজাতীয় বীজ শিশুক খাদ্য হিচাপে গ্ৰহণ কৰিব দিব, কিয়নো এইধৰণৰ খাদ্যত ওমেগা৩ যথেষ্ট পৰিমাণে থাকে৷
সেউজীয়া শাক-পাচলি শিশুক যথেষ্ট পৰিমাণে খোৱাৰ অভ্যাস কৰক৷ সেউজীয়া শাকত যথেষ্ট পৰিমাণে ভিটামিন, বিটা কেৰটিন, ফলেট থাকে, যিয়ে মস্তিষ্কৰ গঠন, বিকাশত সহায় কৰে৷ লগতে পঢ়া-শুনাত মনোযোগ বঢ়াই স্মৃতিশক্তি উন্নত কৰাত সহায় কৰে এইবোৰ শাক-পাচলিয়ে৷
শিশু কালত বিভিন্ন ৰকমৰ বেৰীজাতীয় ফল খাবলৈ দিয়ক৷ এইবোৰ ভিটামিন-চি থকাৰ লগতে আইৰন, মেগমেচিয়াম, কেলচিয়াম, পটাচিয়াম, ফচফৰাছ, জিংক আদি নানা উপাদান পোৱা যায়৷ শিশুৰ মানসিক বিকাশ, স্মৃতিশক্তি বঢ়োৱাত এইবোৰ ফলে যথেষ্ট সহায় কৰে৷
ওটছত প্ৰচপৰ পৰিমাণে ফাইবাৰ থাকে৷ পেটৰ বিভিন্ন সমস্যা, শৰীৰৰ বেয়া কলেষ্টৰেলৰ পৰিমাণ কমোৱাৰ লগতে শৰীৰৰ বাবে উপকাৰী বেক্টেৰিয়া বঢ়োৱাত ওটছে সহায় কৰে৷ নিয়মিতভাৱে শিশুৱে ওটছ খালে পৰোক্ষভাৱে মস্তিষ্কৰ বিকাশত সহায় কৰে৷

Most Popular

বেদতে আছিল বিজ্ঞানৰ সমস্ত সূত্ৰতোলপাৰ লগাইছে এই দাবীয়ে

বিজ্ঞানৰ সমস্ত সূত্ৰ বেদতে আছিল৷ এই দাবী কৰিছে ইছৰ’ৰ অধ্যক্ষ এছ সোমনাথে৷ ভাৰতৰ মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ৰ অধ্যক্ষ সোমনাথে কোৱা মতে...

প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰপৰাপৃথিৱীলৈ এলিয়েন ছিগ্‌নেল প্ৰেৰণ

পৃথিৱীৰ বাহিৰতো আন জীৱৰ সন্ধান অব্যাহত থকা অৱস্থাত প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰ পৰা পৃথিৱীলৈ মহাবিশ্বৰ এটা সংকেত প্ৰেৰণ কৰা হৈছে৷ আন...

সুখবৰ : ডায়েবেটিছৰ বাবে বিশ্বৰ প্ৰথম অৰেল ইনছুলিন উদ্ভাৱন

বৰ্তমান বিশ্বত ডায়েবেটিছ ৰোগে ভয়াৱহভাৱে দেখা দিছে৷ অনিয়মীয়া খাদ্য গ্ৰহণ, দৈনন্দিন জীৱন প্ৰণালীৰ সালসলনি, আৰামপ্ৰিয় জীৱন, পৰিশ্ৰমহীন কৰ্ম, খাদ্য সামগ্ৰী ভেজালকৰণ ইয়াৰ...

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,