বিদেশৰ বজাৰ দখলৰ দিশে অসমৰ সুগন্ধি জহা চাউল

0
172

অসমৰ জহা চাউল আৰু আইজং চাউলে বিশ্বৰ বজাৰ দখল কৰিব৷ বিশ্বৰ আগশাৰীৰ দেশত সন্মানীয় স্থান দখলৰ দিশে আগবাঢ়িল অসমৰ সুগন্ধি জহা চাউল৷ কেৱল জহা আৰু আইজং চাউলেই নহয় অসমৰ ১৮বিধ কৃষিজাত সামগ্ৰী আৰবীয় দেশলৈ ১৫ানিৰ পৰিকল্পনা কৰিছে আছাম এগ্ৰি ইণ্ডাষ্ট্ৰী এণ্ড ৰিছাৰ্চ প্ৰাইভেট লিমিটেডে৷ প্ৰতিষ্ঠানটোৰ উত্তৰ গুৱাহাটীস্থিত কাৰ্যালয় মুকলি কৰে এ পি ই ডি এৰ ব্যৱসায় সম্প্ৰসাৰণ বিষয়া ড॰ অৰ্চনা নাথে৷ 
অনুষ্ঠানতে ১০০০ মেট্ৰিকটন জহা চাউল আৰু ১০০০ মেট্ৰিকটন আইজং চাউল লৈ ডুবাইলৈ উৰা মৰাৰ কথা জানিবলৈ দিয়ে এ পি ই ডি এৰ বিষয়াবৰ্গই৷ বহিঃদেশৰ সৈতে বিস্তৃতভাৱে ব্যৱসায় কৰি অসমৰ কৃষিজাত সমাগ্ৰীক বিশ্বমুখী কৰাৰ প্ৰয়াস এ পি ই ডি এৰ৷ ছৌডি আৰব, কুৱেইট, ওমান, কাটাৰ আৰু ইউ এ ই-এই আৰবীয় পাঁচ দেশলৈ অসমৰ কৃষিজাত সামগ্ৰী ১৫ানিৰে অভিলাষী প্ৰয়াসেৰে উত্তৰ গুৱাহাটীৰ কাৰ্যালয় মুকলি অনুষ্ঠানত এ পি ই ডি এৰ মুখ্য পৰিচালনা সঞ্চালক মহম্মদ মেহদি আলম চৌধুৰী প্ৰমুখ্যে অনুষ্ঠানটোৰ বিষয়ববীয়াই নিজৰ মতামত প্ৰকাশ কৰাৰ লগতে কৃষিজাত সামগ্ৰীৰ সম্প্ৰসাৰণ সন্দৰ্ভত বক্তব্য দাঙি ধৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here