Home Daily news যথেষ্ট বৰষুণ হোৱা অসমখন প্ৰকৃতিৰ উপহাৰস্বৰূপ : ৰাজ্যপাল

যথেষ্ট বৰষুণ হোৱা অসমখন প্ৰকৃতিৰ উপহাৰস্বৰূপ : ৰাজ্যপাল

জৈৱ-বৈচিত্ৰ্যৰ ক্ষেত্ৰখনত চহকী, সাৰুৱা আৰু যথেষ্ট বৰষুণ হোৱা অসমখন প্ৰকৃতিৰ উপহাৰস্বৰূপ৷ প্ৰাকৃতিক দুৰ্যোগে মানুহৰ জীৱন-জীৱিকালৈ বিভিন্ন সময়ত ভাবুকি কঢ়িয়াই আনিছে যদিও পৰম্পৰাগত কৃষি পদ্ধতিৰ পৰা কৃষকৰ উপযোগী প্ৰযুক্তিৰে খেতি কৰা আৰম্ভ হৈছে৷ 
সামগ্ৰিকভাৱে ৰাজ্যৰ কৃষি ক্ষেত্ৰখনৰ বিকাশ ঘটিছে৷ অসম কৃষি বিশ্ববিদ্যালয়ে এই ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে৷ অসম কৃষি বিশ্ববিদ্যালয়ৰ ২২সংখ্যক সমাৱৰ্তনত পৌৰোহিত্য কৰি দিয়া ভাষণত ৰাজ্যৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্য অধ্যাপক জগদীশ মুখীয়ে এইদৰে মত পোষণ কৰে৷ 
ৰাজ্যপালগৰাকীয়ে কয় যে ভাৰতবৰ্ষত কৃষিয়ে এনে এটা পৰ্যায় পাৰ হৈ আহিছে, যাৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ কৃষকসকলৰ উপাৰ্জন দুগুণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে এই সপোন বাস্তৱত ৰূপায়ণ কৰিবলৈ প্ৰচেষ্টা চলাইছে৷ 
সমাৱৰ্তনখনত আচাৰ্যগৰাকীয়ে কয় যে কৃষিজাত সম্পদসমূহৰ যথোপযুক্ত ব্যৱহাৰ আৰু প্ৰাকৃতিক দুৰ্যোগৰ সচেতনতাৰে মোকাবিলা কৰি এইসমূহক জৈৱ অৰ্থনীতিলৈ পৰিৱৰ্তন কৰিব পাৰি৷ ইয়াৰ দ্বাৰাই কৃষক আৰু কৃষিৰ লগত জড়িতসকলৰ অৰ্থনৈতিক সুৰক্ষা নিশ্চিত কৰিব পৰা যাব৷ 
সমাৱৰ্তনখনত অংশগ্ৰহণ কৰি ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই ভাষণত কয় যে কৃষি শিক্ষাৰ মূল ধাৰণাটো হৈছে কৃষক আৰু কৃষি শিক্ষাৰ সৈতে জড়িতসকলক উপকৃত কৰি শক্তিশালী উৎপাদন ব্যৱস্থাৰে গ্ৰামাঞ্চলৰ বিকাশৰ বাবে সৃজনীশীল মানসিকতা গঢ়ি তোলা৷ সেইবাবে অসম কৃষি বিশ্ববিদ্যালয়ে ৰাজ্যখনৰ কৃষিজীৱী জনসাধাৰণৰ বাবে কাম কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে৷

Most Popular

বেদতে আছিল বিজ্ঞানৰ সমস্ত সূত্ৰতোলপাৰ লগাইছে এই দাবীয়ে

বিজ্ঞানৰ সমস্ত সূত্ৰ বেদতে আছিল৷ এই দাবী কৰিছে ইছৰ’ৰ অধ্যক্ষ এছ সোমনাথে৷ ভাৰতৰ মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ৰ অধ্যক্ষ সোমনাথে কোৱা মতে...

প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰপৰাপৃথিৱীলৈ এলিয়েন ছিগ্‌নেল প্ৰেৰণ

পৃথিৱীৰ বাহিৰতো আন জীৱৰ সন্ধান অব্যাহত থকা অৱস্থাত প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰ পৰা পৃথিৱীলৈ মহাবিশ্বৰ এটা সংকেত প্ৰেৰণ কৰা হৈছে৷ আন...

সুখবৰ : ডায়েবেটিছৰ বাবে বিশ্বৰ প্ৰথম অৰেল ইনছুলিন উদ্ভাৱন

বৰ্তমান বিশ্বত ডায়েবেটিছ ৰোগে ভয়াৱহভাৱে দেখা দিছে৷ অনিয়মীয়া খাদ্য গ্ৰহণ, দৈনন্দিন জীৱন প্ৰণালীৰ সালসলনি, আৰামপ্ৰিয় জীৱন, পৰিশ্ৰমহীন কৰ্ম, খাদ্য সামগ্ৰী ভেজালকৰণ ইয়াৰ...

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,