খাদ্যনলীৰ বিৰল অস্ত্ৰোপচাৰ সম্পন্ন : ক’ত ?

0
201

গুৱাহাটী মহানগৰীৰ এপ’ল’ হাস্পতালত এগৰাকী ২১ বছৰীয়া যুৱতীৰ খাদ্যনলীৰ অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰা হয়৷ যুৱতীগৰাকীয়ে দুৰ্ঘটনাক্ৰমে ৰূ¸ম ক্লিনাৰ সেৱন কৰিছিল, যিটো প্ৰকৃততে এচিডিক আছিল৷ প্ৰায় এবছৰ পূৰ্বে সংঘটিত এই ঘটনাৰ ফলত যুৱতীগৰাকীৰ সম্পূৰ্ণৰূপে খাদ্যনলী নষ্ট হৈ যোৱাৰ লগতে পেটৰ অভ্যন্তৰীণ অংশত যথেষ্ট ক্ষতি হৈছিল৷ গুৱাহাটীৰ এপ’ল’ হাস্পতালত ভৰ্তি কৰাৰ পাছত যুৱতীগৰাকীৰ স্বাস্থ্য তদাৰক কৰে গেষ্ট্ৰ’এণ্ট্ৰ’লজি দেল আৰু যুৱতীগৰাকীক ধাৰাবাহিক এণ্ডোস্ক’পিক ডিলেটেচন আৰু ষ্টেৰইড বেজীৰ দ্বাৰা পৰিচালিত কৰা হয়৷ কিন্তু স্বাস্থ্যৰ কোনো উন্নতি হোৱা নাছিল আৰু যুৱতীগৰাকীয়ে মুখেৰে গোটা আহাৰ গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাছিল৷ অৱশেষত চিকিৎসালয়ৰ গেষ্ট্ৰ’ইনটেষ্টিনেল ছাৰ্জাৰীৰ জ্যেষ্ঠ পৰামৰ্শদাতা ডাঃ দিব্যজ্যোতি বৰাৰ অধীনত এই বিৰল অস্ত্ৰোপচাৰ কৰা হয়৷ যুৱতীগৰাকী সম্প্ৰতি ক্ৰমাৎ সুস্থ হৈ উঠিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here