Home Daily news মৌ মাখিৰ সুৰক্ষাৰ কাৰণেবিশ্বৰ প্ৰথমটো ভেকচিন

মৌ মাখিৰ সুৰক্ষাৰ কাৰণেবিশ্বৰ প্ৰথমটো ভেকচিন

আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰস্তুত হৈছে
 মৌ মাখিৰ সুৰক্ষাৰ বাবে বিশ্বৰ প্ৰথমটো ভেক্‌চিন৷ আমেৰিকান ফাউলব্ৰুড ৰোগৰ পৰা মৌ মাখিক সুৰক্ষিত কৰি ৰাখিবলৈ এই ভেক্‌চিনবিধ প্ৰস্তুত কৰা হৈছে৷ জানিব পৰা মতে পেনিবেকিলাছ লাৰ্ভি নামৰ বেক্টেৰিয়াৰ পৰা এই ফাউলব্ৰুড নামৰ ৰোগবিধৰ সৃষ্টি হয়৷ ভেক্‌চিন প্ৰস্তুত কৰা বিশেষজ্ঞসকলে জানোৱা মতে আমেৰিকান ফাউলব্ৰুড ৰোগত আক্ৰান্ত হোৱাৰ পৰা মৌ মাখিবোৰক সুৰক্ষা প্ৰদান কৰিব৷ এক প্ৰতিবেদন মতে আমেৰিকান বায়’টেক কোম্পানী দালান এনিমেল হেল্‌থ ইনকক দেশখনৰ কৃষি বিভাগে ভেকচিনটো প্ৰস্তুত কৰিবলৈ অনুমোদন জনাইছে৷ মৌ মাখিৰ ঘাতক হিচাপে চিহ্নিত এই ৰোগবিধ প্ৰথম আমেৰিকাত উৎপত্তি হৈছিল যদিও এতিয়া এই ৰোগবিধ বিশ্বজুৰি বিস্তাৰিত হৈছে৷ উল্লেখ্য যে মৌ মাখিৰ ভেক্‌চিনবিধ প্ৰথমে মৌ বাহৰ ৰাণীৰ খাদ্যত দিয়া হ’ব আৰু তাৰ পাছত মৌ বাহৰ পৰা আন মৌ মাখিয়ে খাদ্য হিচাপে গ্ৰহণ কৰিব৷ ইতিমধ্যে ভেক্‌চিনবিধৰ পৰীক্ষা সফলতাৰে সম্পন্ন হৈ যায়৷

Most Popular

বেদতে আছিল বিজ্ঞানৰ সমস্ত সূত্ৰতোলপাৰ লগাইছে এই দাবীয়ে

বিজ্ঞানৰ সমস্ত সূত্ৰ বেদতে আছিল৷ এই দাবী কৰিছে ইছৰ’ৰ অধ্যক্ষ এছ সোমনাথে৷ ভাৰতৰ মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ৰ অধ্যক্ষ সোমনাথে কোৱা মতে...

প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰপৰাপৃথিৱীলৈ এলিয়েন ছিগ্‌নেল প্ৰেৰণ

পৃথিৱীৰ বাহিৰতো আন জীৱৰ সন্ধান অব্যাহত থকা অৱস্থাত প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰ পৰা পৃথিৱীলৈ মহাবিশ্বৰ এটা সংকেত প্ৰেৰণ কৰা হৈছে৷ আন...

সুখবৰ : ডায়েবেটিছৰ বাবে বিশ্বৰ প্ৰথম অৰেল ইনছুলিন উদ্ভাৱন

বৰ্তমান বিশ্বত ডায়েবেটিছ ৰোগে ভয়াৱহভাৱে দেখা দিছে৷ অনিয়মীয়া খাদ্য গ্ৰহণ, দৈনন্দিন জীৱন প্ৰণালীৰ সালসলনি, আৰামপ্ৰিয় জীৱন, পৰিশ্ৰমহীন কৰ্ম, খাদ্য সামগ্ৰী ভেজালকৰণ ইয়াৰ...

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,