মৌ মাখিৰ সুৰক্ষাৰ কাৰণেবিশ্বৰ প্ৰথমটো ভেকচিন

0
910

আমেৰিকা যুক্তৰাষ্ট˜ত প্ৰস্তুত হৈেছ মৌ মাখিৰ সুৰক্ষাৰ বাবে বিশ্বৰ প্ৰথমটো ভেক্‌চিন৷ আমেৰিকান ফাউলব্ৰুড ৰোগৰ পৰা মৌ মাখিক সুৰক্ষিত কৰি ৰাখিবলৈ এই ভেক্‌চিনবিধ প্ৰস্তুত কৰা হৈছে৷ জানিব পৰা মতে পেনিবেকিলাছ লাৰ্ভি নামৰ বেক্টেৰিয়াৰ পৰা এই ফাউলব্ৰুড নামৰ ৰোগবিধৰ সৃষ্টি হয়৷ ভেক্‌চিন প্ৰস্তুত কৰা বিশেষজ্ঞসকলে জানোৱা মতে আমেৰিকান ফাউলব্ৰুড ৰোগত আক্ৰান্ত হোৱাৰ পৰা মৌ মাখিবোৰক সুৰক্ষা প্ৰদান কৰিব৷ এক প্ৰতিবেদন মতে আমেৰিকান বায়’টেক কোম্পানী দালান এনিমেল হেল্‌থ ইনকক দেশখনৰ কৃষি বিভাগে ভেকচিনটো প্ৰস্তুত কৰিবলৈ অনুমোদন জনাইছে৷ মৌ মাখিৰ ঘাতক হিচাপে চিহ্নিত এই ৰোগবিধ প্ৰথম আমেৰিকাত উৎপত্তি হৈছিল যদিও এতিয়া এই ৰোগবিধ বিশ্বজুৰি বিস্তাৰিত হৈছে৷ উল্লেখ্য যে মৌ মাখিৰ ভেক্‌চিনবিধ প্ৰথমে মৌ বাহৰ ৰাণীৰ খাদ্যত দিয়া হ’ব আৰু তাৰ পাছত মৌ বাহৰ পৰা আন মৌ মাখিয়ে খাদ্য হিচাপে গ্ৰহণ কৰিব৷ ইতিমধ্যে ভেক্‌চিনবিধৰ পৰীক্ষা সফলতাৰে সম্পন্ন হৈ যায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here