মৌ গৰম পানীৰ লগত খোৱাটো কিমান উচিত ? How beneficial is taking honey with warm water?

0
1021
  প্ৰায় বেছিভাগ মানুহে ওজন কমাবলৈ পুৱা খালী পেটত গৰম পানীৰ লগত মৌ খায়৷ মৌত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট, মিনাৰেল আৰু এনজাইম থাকে, যিয়ে শৰীৰৰ ইমিউনিটি বৃদ্ধিৰ পৰা আৰম্ভ কৰি কাহ, কফ, চৰ্দি আদি নিৰাময় কৰে৷ আনকি ছালৰ কাৰণেও মৌ খুবেই উপকাৰী৷ কিন্তু আয়ুৰ্বেদৰ মতে মৌক কোনোধৰণৰ গৰম খাদ্যৰ লগত বা মৌক গৰম কৰি খোৱাটো একেবাৰে সুবিধাজনক নহয়৷

How to Make Honey Water: 11 Steps (with Pictures) - wikiHow

আয়ুৰ্বেদ মতে গৰম মৌ ‘Slow Poison’-ৰ লেখীয়া৷ AYU জাৰ্নেলে কৰা এক গৱেষণা মতে ১৪০ ডিগ্ৰীত মৌ বিষাক্ত দ্ৰব্যলৈ পৰিণত হয়৷ ই শৰীৰত টক্সিন উৎপন্ন কৰাত অৰিহণা যোগায়৷ শৰীৰত টক্সিনৰ পৰিমাণ বৃদ্ধি হ’লে বিভিন্ন ধৰণৰ ৰোগে দেখা দিয়ে আৰু এই প্ৰক্ৰিয়া লাহে লাহে আৰম্ভ হয়৷ যাৰ বাবে প্ৰথম অৱস্থাতে ইয়াক ধৰা পেলোৱা কঠিন হয়৷ সেয়েহে আয়ুৰ্বেদিকসকলে মৌক কোনোধৰণৰ গৰম গাখীৰ, গৰম পানী বা গৰম চাহৰ লগত সেৱন কৰাৰ পৰা দূৰত থাকিবলৈ কৈছে৷
ইয়াৰ পৰিৱৰ্তে মৌক প্ৰাকৃতিকভাৱে যিদৰে সংগ্ৰহ কৰা হয়, তেনেদৰে গ্ৰহণ কৰিলে অধিক সুফল লাভ কৰিব পাৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here