Home Daily news মে’ মাহৰ পৰা ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি

মে’ মাহৰ পৰা ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি

ৰাজ্যত এই বছৰৰ মে’ মাহৰ পৰা জাপানীজ এনকেফেলাইটিছ বৃদ্ধি পাইছে৷ দক্ষিণ শালমাৰা, ডিমা হাছাও আৰু পশ্চিম কাৰ্বি আংলঙৰ বাহিৰে প্ৰায় সকলো জিলাতে কিছু পৰিমাণে হ’লেও এই ৰোগে প্ৰভাৱিত কৰিছিল৷ এই ৰোগত আক্ৰান্তৰ সংখ্যা মে’ মাহৰ পৰা জুলাইৰ প্ৰথম সপ্তাহলৈ বৃদ্ধি পাইছিল৷ কিন্তু ৰোগবিধক নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাৰ পিছত জুলাই মাহৰ দ্বিতীয় সপ্তাহৰ পৰা আক্ৰান্তৰ সংখ্যাৰ লগতে জাপানীজ এনকেফেলাইটিছত মৃত্যু হোৱাৰ সংখ্যা যথেষ্ট পৰিমাণে হ্ৰাস পায়৷ 
নগাঁও জিলাত উদ্বেগজনকভাৱে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পায়৷ জিলাখনত এতিয়ালৈকে মুঠ ৪৪ গৰাকী লোক জে ইৰ দ্বাৰা আক্ৰান্ত হয়৷ সমান্তৰালকৈ যোৰহাটত ৩৭ আৰু গোলাঘাটত ৩৪ গৰাকী লোক আক্ৰান্ত হৈ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ ২৭ জুলাইলৈকে ৰাজ্যত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হোৱা মুঠ ৰোগীৰ সংখ্যা হৈছে ৩০৩জন আৰু মৃত্যুৰ সংখ্যা ৪৫জন৷ গড় হিচাপত প্ৰতিদিনে ৩.২৪ গৰাকী আক্ৰান্তক চিনাক্ত কৰা হৈছে৷ 
আনহাতে গোৱালপাৰা জিলাত চলিত জুলাই মাহতে আঠগৰাকী লোক জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে৷ যোৱা চাৰি জুলাইত স্বাস্থ্য বিভাগে জিলাখনত কৃষ্ণাই ভেলাখামাৰত প্ৰথমগৰাকী আক্ৰান্ত হিচাপে ববিতা নাথক চিনাক্ত কৰে৷ ইয়াৰ পাছত টিপলাই গৰুচট্‌কাত মুছপিয়াৰা খাতুন, চুনাৰীৰ ঘুণীমাৰী চৰৰ ছানিদুল ইছলাম, কৃষ্ণাই নয়াপাৰাৰ ছানোৱাৰ ইছলাম আৰু লক্ষীপুৰ ছুপাৰভিটাৰ মছলেমুদ্দিন এই ৰোগত আক্ৰান্ত হয়৷

Most Popular

চাহৰ সৈতে বিস্কুট কিমান স্বাস্থ্যকৰ ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

চাহৰ সৈতে বিস্কুটকিমান স্বাস্থ্যকৰ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

স্বৰ্গ-মৰ্ত্যৰ মাজৰ এই উপত্যকা!য’ত সময়ো থমকি ৰৈছে

ছাংগ্ৰিলা উপত্যকা– সঁচাকৈয়ে কি আছে এই ৰহস্যময় উপত্যকাত৷ ইয়াক লৈ বিভিন্ন সময়ত নানা প্ৰশ্নৰ উদয় হৈছে৷ ইয়াৰ ৰহস্য...

ভূপৃষ্ঠত সূৰ্যৰ উৎপত্তিৰ আগতেই পানী আছিল : কোনে ক’লে?

বিশ্বব্ৰহ্মাণ্ডত নক্ষত্ৰ সৃষ্টি হোৱাৰ আগৰে পৰাই পানী আছিল৷ বিজ্ঞানীসকলে ইয়াৰ তথ্য লাভ কৰিছে৷ উল্লেখ্য যে বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডত প্ৰথমে নক্ষত্ৰ, পানী, পৃথিৱী নে...