মৃত ভৰলুক পুনৰুজ্জীৱিত কৰিবলৈ কি এই ‘Save Bharalu’ অভিযান ? (How does the Save Bharalu campaign plan to rejuvenate the ‘dead’ Bharalu?)

0
1096

মৃতপ্ৰায় হৈ পৰা, দেশৰ প্ৰদূষিত নদীসমূহৰ অন্যতম গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ ভৰলু নদীৰ পুনৰুদ্ধাৰৰ বাবে দক্ষিণ গুৱাহাটী ৰটাৰী ক্লাবে ‘Save Bharalu’ শীৰ্ষক এক সজাগতা অভিযান আৰম্ভ কৰিছে৷ গুৱাহাটীবাসীক ভৰলু নদীত আৱৰ্জনা নেপেলাবলৈ আহ্বান জনাই ইয়াক পুনৰ প্ৰাণৱন্ত কৰি তোলাৰ উদ্দেশ্যে দক্ষিণ গুৱাহাটী ৰটাৰী ক্লাবে এলানি সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিছে৷ এই কাৰ্যসূচীৰ অংশ হিচাপে অহা ২৬ ছেপ্টেম্বৰৰ বিশ্ব নদী দিৱসৰ লগত সংগতি ৰাখি ‘Save Bharalu’ শীৰ্ষক এক চাইকেল ৰেলীৰ আযোজন কৰিছে৷ এই সন্দৰ্ভত এখন সংবাদমেলত দক্ষিণ গুৱাহাটী ৰটাৰী ক্লাবৰ তৰফৰ পৰা ডাঃ ৰবীন মজুমদাৰে কয় যে বিশ্ব নদী দিৱসৰ দিনা ‘Save Bharalu’ ছপা থকা বিশেষ টি-ছাৰ্ট পিন্ধি চাইকেল ৰেলীৰ জৰিয়তে এই সজাগতা আৰম্ভ কৰা হ’ব৷ সেইদিনা পুৱা ৬ বজাৰ পৰা আৰম্ভ হ’বলগীয়া ৰেলীটো আৰ জি বৰুৱা পথৰ জোনালীত আৰম্ভ হৈ ভৰলুৰ পাৰে পাৰে গৈ ভৰলুমুখত শেষ হ’ব৷ প্ৰায় ৬০খন চাইকেলৰ এই ৰেলীত ক্লাবৰ বিষয়ববীয়াৰ লগতে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশিস শৰ্মায়ো অংশগ্ৰহণ কৰিব৷ এই অভিযানৰ অংশ হিচাপে ড॰ গোবিন্দ প্ৰসাদ শৰ্মাই প’ষ্টাৰ মুকলি কৰাৰ লগতে এ হাজৰিকাই ছেভ ভৰলুৰ ল’গ’যুক্ত গাড়ীৰ ষ্টিকাৰ মুকলি কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here