Home Daily news মৃত্যুৰ আগমুহূৰ্তৰ চিন্তা আবদ্ধ হ’ল বিশেষ যন্ত্ৰত

মৃত্যুৰ আগমুহূৰ্তৰ চিন্তা আবদ্ধ হ’ল বিশেষ যন্ত্ৰত

প্ৰথমবাৰৰ বাবে এজন ব্যক্তিৰ মৃত্যু ওচৰ চাপি অহাৰ আগমুহূৰ্তত মানুহজনৰ মনত সেই সময়ছোৱাত ঘটে, এই সকলোবোৰ কাৰ্যক্ৰমণিকা বিজ্ঞানীয়ে এটা বিশেষ যন্ত্ৰত আবদ্ধ কৰিবলৈ সক্ষম হৈছে৷ বিজ্ঞানীসকলে দাবী কৰিছে যে মৃত্যুৰ ১৫ মিনিট সময় আগতে মানুহ এজনৰ মগজুয়ে শেষ মুহূৰ্তত তেওঁৰ জীৱনৰ ভাল স্মৃতিবোৰ মনত পেলায়৷  শেহতীয়া অধ্যয়ন অনুসৰি বিজ্ঞানীসকলে দুৰ্ঘটনাক্ৰমে মানুহৰ আটাইতকৈ জটিল অংগ, মগজুত ঘটা কিছুমান মুহূৰ্ত আবদ্ধ কৰি ৰাখিবলৈ সক্ষম হয়৷ মৃত্যুৰ সময়ত এজন ব্যক্তিয়ে শেষমুহূৰ্তত কি ভাবে, সেয়া বিজ্ঞানীসকলে লিপিবদ্ধ কৰিছে৷ দৰাচলতে অধ্যয়নটো চলোৱা হৈছিল এজন চিকিৎসাধীন এজন ৰোগীৰ ক্ষেত্ৰত৷ মৃগীৰোগত আক্ৰান্ত বৃদ্ধ লোকজনৰ চিকিৎসাধীন অৱস্থাতে মৃত্যু হয়৷ লোকজন ইলেক্ট্ৰএনচেফালোগ্ৰাম বা ই ই জিৰ সৈতে সংলগ্ন হৈ আছিল৷ মৃত লোকজনৰ মৃত্যুৰ পূৰ্বৰ ১৫ মিনিটৰ আবদ্ধ কৰি ৰখা হৈছে, যাৰ পৰা স্পষ্টকৈ জানিবলৈ পোৱা হৈছে যে ব্যক্তিজনে তেওঁৰ জীৱনৰ শেষ মুহূৰ্তত ভাল স্মৃতিবোৰ মনত পেলাইছিল৷ গৱেষণাটোত কোৱা হৈছে যে এজন ব্যক্তিৰ মৃত্যুৰ আগমুহূৰ্তত মগজু অতি সক্ৰিয় হৈ থাকে৷ আনহাতে শেষ মুহূৰ্তত মানুহৰ মন এনে অৱস্থাত উপনীত হয় যেন কোনোবাই সপোনহে দেখি আছে৷ আচৰিত কথাটো হ’ল সেই সময়ত মানুহৰ শৰীৰ জঠৰ হৈ পৰিলেও, কিন্তু অন্তিম পৰ্যায়ত উপনীত হোৱাৰ পাছতো মনটোৱে কিছুসময়ৰ বাবে সঠিকভাৱে কাম কৰি থাকে৷ এই গৱেষণাটো কৰা লুইচডিল জেম্মাৰ বিশ্ববিদ্যালয়ৰ নিউৰ’ছাৰ্জন ডাঃ আজমল জেম্মাৰে জনোৱা মতে গামা দোলন তৰংগৰ সময়ত মানুহৰ মগজুৱে পুৰণি কালৰ ভাল লগা স্মৃতিবোৰ মনত ৰাখিবলৈ আৰম্ভ কৰে৷ মানুহৰ বাহিৰে নিগনিৰ ক্ষেত্ৰতো মৃত্যুৰ সময়ত একেধৰণৰ পৰিঘটনা দেখিবলৈ পোৱা যায়৷ কিন্তু মানুহৰ ক্ষেত্ৰত পূৰ্বতে কেতিয়াও এনেকুৱা তথ্য পোৱা হোৱা নাছিল৷ প্ৰতিবেদনখনত উল্লেখ কৰা অনুসৰি ইয়াৰ অৰ্থ হৈছে যে গোটেই বিষয়টো এতিয়াও অধিক গৱেষণাৰ প্ৰয়োজন৷ কিন্তু নিশ্চিত ৰূপত কোৱা হয় যে এজন ব্যক্তিৰ মৃত্যুৰ আগতে তেওঁৰ সৰ্বশ্ৰেষ্ঠ স্মৃতিবোৰ মনত পেলাবলৈ ধৰে৷

Most Popular

বেদতে আছিল বিজ্ঞানৰ সমস্ত সূত্ৰতোলপাৰ লগাইছে এই দাবীয়ে

বিজ্ঞানৰ সমস্ত সূত্ৰ বেদতে আছিল৷ এই দাবী কৰিছে ইছৰ’ৰ অধ্যক্ষ এছ সোমনাথে৷ ভাৰতৰ মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ৰ অধ্যক্ষ সোমনাথে কোৱা মতে...

প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰপৰাপৃথিৱীলৈ এলিয়েন ছিগ্‌নেল প্ৰেৰণ

পৃথিৱীৰ বাহিৰতো আন জীৱৰ সন্ধান অব্যাহত থকা অৱস্থাত প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰ পৰা পৃথিৱীলৈ মহাবিশ্বৰ এটা সংকেত প্ৰেৰণ কৰা হৈছে৷ আন...

সুখবৰ : ডায়েবেটিছৰ বাবে বিশ্বৰ প্ৰথম অৰেল ইনছুলিন উদ্ভাৱন

বৰ্তমান বিশ্বত ডায়েবেটিছ ৰোগে ভয়াৱহভাৱে দেখা দিছে৷ অনিয়মীয়া খাদ্য গ্ৰহণ, দৈনন্দিন জীৱন প্ৰণালীৰ সালসলনি, আৰামপ্ৰিয় জীৱন, পৰিশ্ৰমহীন কৰ্ম, খাদ্য সামগ্ৰী ভেজালকৰণ ইয়াৰ...

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,