মুখশুদ্ধিৰ উপৰিও ‘চফ’ৰ এনে কি গুণ আছে?

0
2475

সাধাৰণতে সামাজিকভাৱে আয়োজিত কৰ্মবোৰত, যেনে– বিয়া-বাৰু, উৎসৱ-পাৰ্বণত তামোল-পাণৰ সৈতে চফ দিয়া দেখিবলৈ পাওঁ৷ ইয়াৰ মুহুদি বা মুখশুদ্ধিৰ বাবে ব্যৱহাৰ কৰা হয়৷ কিন্তু আপুনি হয়তো জানি আচৰিত হ’ব যে আমি মুখশুদ্ধিৰূপে ব্যৱহাৰ কৰা চফৰ আছে অনেক ঔষধি গুণ৷ চফক ইংৰাজীত Anise seed বুলি কোৱা হয়৷ ইয়াৰ বৈজ্ঞানিক নাম Pimpinella anisum৷ এইবিধ বৰ্ষজীৱী উদ্ভিদৰ উচ্ছতা তিনিফুটমান হয়৷ চফৰ গুটি কিছুমান মিহি হোৱাৰ বিপৰীতে আন কিছুমানৰ গুটি মোটা হয়৷ ইয়াত সাধাৰণতে প্ৰ’টিন, কাৰ্বহাইড্ৰেট, ফেট, ফাইবাৰ, আইৰন, কেলচিয়াম, কপাৰ, মেগনেচিয়াম, মেংগানিজ, পটেচিয়াম, আৰু ফচফৰাছ থাকে৷ এনিথল নামৰ এবিধ ৰাসায়নিক পদাৰ্থ থাকে বাবে চফ সুগন্ধিযুক্ত হয়৷ চফৰ উপকাৰী গুণবিলাক জানো আহক–

(১) শৌচ খোলোচা কৰা, বদহজম, এচিডিটি আদি দূৰ কৰিবলৈ চফ খাব লাগে৷
(২) হৃদৰোগ, বুকৰ ঢপঢপনিৰ লগতে উচ্ছ ৰক্তচাপ নিয়ন্ত্ৰণত চফ উপকাৰী৷
(৩) ছালৰ উজ্জ্বলতা বঢ়োৱা, ছালৰ দাগ নাইকিয়া কৰা আৰু শালমইনাৰ সমস্যা নিৰাময়ৰ বাবে চফৰ উল্লেখযোগ্য ভূমিকা আছে৷
(৪) চফ খালে মানসিক চাপ-অৱসাদ দূৰ কৰাৰ লগতে মস্তিষ্কৰ ক্ৰিয়াৰ উন্নতি ঘটায়৷
(৫) মহিলাসকলৰ মাহেকীয়া ঋতুস্ৰাৱত হোৱা পেটৰ বিষ, প্ৰসৱকালীন যন্ত্ৰণা আদিত চফ উপকাৰী৷
(৬) চুলি সৰা বা নতুনকৈ চুলি গজা আদিত চফে নিৰ্ণায়ক ভূমিকা লয়৷
(৭) চফ আৰু মিচিৰিৰ মিশ্ৰণ গৰম গাখীৰত মিহলাই খালে দৃষ্টিশক্তি বৃদ্ধি হয়৷
(৮) মিচিৰি আৰু চফৰ মিশ্ৰণ কুহুমীয়া পানীত মিহলাই খালে কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ হয়৷
(৯) আজৱাইনৰ সৈতে চফ উতলাই মৌজোলৰ সৈতে খালে শ্বাসজনিত ৰোগৰ পৰা উপশম হয়৷
(১০) চফে তেজৰ ছুগাৰ নিয়ন্ত্ৰণত সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here