মাৰ্চৰ ভিতৰত শিশুক দিব ক’ভিড প্ৰতিষেধক || Children to get Covid vaccine by March

0
432
দেশত কভিডৰ সংক্ৰমণ অব্যাহত আছে যদিও কভিডৰ টিকাকৰণে ইয়াৰ সংক্ৰমণৰ হাৰ কিছু পৰিমাণে কমাই ৰাখিছে৷ ১৮ বছৰৰ ঊধৰ্বৰ ব্যক্তিকহে টিকাকৰণ কৰা হৈছে যদিও ১৮ বছৰৰ তলৰ শিশু-কিশোৰক এতিয়ালৈকে ক’ভিড ভেক্‌চিন প্ৰদান কৰা নাই৷ ৰাষ্ট্ৰীয় কাৰিকৰী উপদেষ্টা গোটৰ ক’ভিড প্ৰতিবেদন সম্পৰ্কীয় এক বৈঠকত অহা মাৰ্চৰ মাহৰ ভিতৰত সকলো শিশু-কিশোৰকে ক’ভিড ভেকচিন প্ৰদানৰ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ আনহাতে প্ৰাপ্তবয়স্ক লোকৰ ক্ষেত্ৰতো ক’ভিড বুষ্টাৰ প্ৰদানৰ ওপৰত আলোচনা কৰা হয়৷ ইফালে অহা ডিচেম্বৰৰ ভিতৰত দেশৰ সকলো লোককে ক’ভিড টিকাকৰণ প্ৰদান কাৰ্যসূচী সম্পূৰ্ণ কৰাৰ সিদ্ধান্তও উক্ত বৈঠকত লোৱা হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here