মানৱ দেহত ভিটামিন B

0
1364

ভিটামিন অবিহনে শৰীৰৰ পুষ্টি অসম্ভৱ। প্ৰতিবিধ ভিটামিনেই আমাৰ দেহৰ লাগতিয়াল কাৰ্য সম্পাদন কৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা অবিহনে আমি সুস্থ শৰীৰ এটা লৈ জীয়াই থাকিব নোৱাৰোঁ। এই ৰোগ প্ৰতিৰোধ ক্ষমতাত বিশেষ ভূমিকা লয় ভিটামিন B-এ। মানৱ দেহত প্ৰতিটো সময়তে প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি ৰাখে এইবিধ ভিটামিনে। ভিটামিন B-ৰ আঠটা স্তৰ আছে। প্ৰতিটো স্তৰে শৰীৰত বেলেগ বেলেগ কাৰ্য সম্পাদন কৰে। ভিটামিন B1 স্নায়ুকোষ আৰু বিপাক ক্ৰিয়াৰ বাবে অতিকৈ প্ৰয়োজনীয়। ভিটামিন B2 শৰীৰৰ বৃদ্ধি আৰু সুস্বাস্থ্যৰ বাবে দৰকাৰী। ভিটামিন B3-এ ৰক্তচাপ নিয়ন্ত্ৰণ, মগজুৰ কাৰ্যক্ষমতা বৃদ্ধি, ক্ষতিকাৰক কলেষ্টৰেল হ্ৰাসৰ লগতে বিষাদগ্ৰস্ততা নিৰ্মূল কৰে। ভিটামিন B5-এ ছাল, চকু, চুলি, পাচনতন্ত্ৰ আদি ভালে ৰাখে। ভিটামিন B6-এ কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰাৰ লগতে চকুৰ দৃষ্টিশক্তি অটুট ৰাখে। ভিটামিন B6-এ হৃদৰোগৰ বিভিন্ন সমস্যাৰ পৰা শৰীৰক সুৰক্ষা দিয়ে। ই তেজত হিম’গ্লবিন প্ৰস্তুত কৰাৰ লগতে মহিলাৰ ঋতুস্ৰাৱৰ সমস্যা দূৰ কৰে। ভিটামিন B6-এ বিভিন্ন বাত বিষ আদিৰ পৰা শৰীৰক সুৰক্ষা দিয়ে। ভিটামিন B9-এ শৰীৰৰ কোষ বৃদ্ধিত সহায় কৰাৰ লগতে হাড়ৰ মজ্জাত লোহিত ৰক্তকণিকা সৃষ্টিত অৰিহণা যোগায়। বায়’টিনে চুলি, নখ, চালৰ পুষ্টিত সহায় কৰে আৰু ই শৰীৰৰ বৃদ্ধিৰ বাবে খুবেই প্ৰয়োজনীয়। বায়’টিনে চালত বয়স বৃদ্ধিৰ চাপ পৰাৰ পৰা সুৰক্ষা দিয়ে। ভিটামিন B12-এ যিকোনো প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত বিশেষ ভূমিকা লয়। ই ফলেটৰ লগত যুক্ত হৈ লোহিত ৰক্তকণিকা সৃষ্টি কৰে আৰু স্নায়ুতন্ত্ৰ নিয়ন্ত্ৰণ কৰি ৰাখে। এই ৮টা স্তৰেৰে পৰিপূৰ্ণ হৈছে ভিটামিন B-কমপ্লেক্স।

LEAVE A REPLY

Please enter your comment!
Please enter your name here