মানাহ ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্পত ৬০টালৈ বৃদ্ধি পাইছে ঢেঁকীয়াপতীয়া বাঘৰ সংখ্যা৷ মানাহৰ শেহতীয়া বন্যপ্ৰাণী নিৰীক্ষণৰ ফল প্ৰকাশৰ জৰিয়তে সদৰী কৰিছে এই তথ্য৷ ৰাষ্ট্ৰীয় উদ্যানখনত শেহতীয়া কেমেৰা ট্ৰেপিঙৰ ফল মূল্যায়ন কৰি নেশ্যনেল টাইগাৰ কনজাৰ্ভেশ্যন অথৰিটিয়ে নিৰ্ধাৰণ কৰা অনুসৰি সম্প্ৰতি মানাহত ৫২টা প্ৰাপ্তবয়স্ক ঢেঁকীয়াপতীয়া বাঘ আৰু ৮টা পোৱালিকে ধৰি মুঠ ৬০টা ঢেঁকীয়াপতীয়া বাঘ আছে৷ আনহাতে এইসমূহৰ ২৭টাৰ সঠিক লিংগ নিৰ্ণয় কৰা হৈছে, যাৰ ভিতৰত ৮টা মতা আৰু ১৯টাই মাইকী৷
উল্লেখ্য যে ইয়াৰ পূৰ্বৰ কেমেৰা ট্ৰেপিঙৰ ফল অনুসৰি মানাহত ৪৮টা বাঘ থকাৰ তথ্য সদৰী কৰা হৈছিল, সেই অনুসৰি বিগত বৰ্ষৰ পৰা ৮টা পোৱালিকে ধৰি মুঠ ১২টা বাঘ বৃদ্ধি হৈছে৷ উল্লেখ্য যে এইবাৰ মানাহ ব্যাঘ্ৰ প্ৰকল্প কৰ্তৃপক্ষই মানাহৰ সংৰক্ষণৰ সহযোগী সংস্থা ডব্লিউ ডব্লিউ এফ-ইণ্ডিয়া, ডব্লিউ টি আই আৰু আৰণ্যকৰ সহযোগত মানাহৰ বিভিন্ন স্থানত মুঠ ৩৮১টা ট্ৰেপ কেমেৰা স্থাপন কৰিছিল৷
এই তথ্যসমূহ মানাহৰ ক্ষেত্ৰ সঞ্চালকালয়ত বিশ্লেষণ কৰাৰ পাছত সেয়া ডেৰাডুনস্থিত ৱাইল্ড লাইফ ইনষ্টিটিউট অব্ ইণ্ডিয়াত নেশ্যনেল টাইগাৰ কনজাৰ্ভেশ্যন অথৰিটিয়ে বৈধতা প্ৰদান কৰে৷ সেই অনুসৰি মানাহত ৩২৩০ টা সুগৰি পহু [হগ ডিয়েৰ], ১৬৫৬ টা বনৰীয়া ম’হ, ১১৭৪ টা ইণ্ডিয়ান বাইছন, ৮০৪ টা শৰ পহু] আৰু ২৬১৩ টা হাতী আছে৷ এই তথ্য প্ৰস্তুত কৰাৰ বাবে মুঠ চাৰিশ কিঃমিঃ ক্ষেত্ৰক সামৰি লোৱা হৈছিল বুলিও জানিব পৰা গৈছে
মানাহত ঢেঁকীয়াপতীয়া বাঘৰ সংখ্যা বৃদ্ধি
Appreciation
March 31, 2022
Very informative. Helpful for people irrespective of age, gender, education and to develop fundamental knowledge on various food and beverages around us.
very useful website
November 6, 2021
For me, health is everything. Without a healthy body we cannot perform our level best. So, people, who are concern about their health, can visit this website regularly.
Strong information on health
March 12, 2021
From this website anyone can get good information on health. As health is wealth, so, following this website let’s take care for our health.