Home Daily news মহানগৰীত ভূগৰ্ভস্থ পানী আহৰণ কৰাত জটিলতাৰ সৃষ্টি

মহানগৰীত ভূগৰ্ভস্থ পানী আহৰণ কৰাত জটিলতাৰ সৃষ্টি

মহানগৰীত খোৱাপানীৰ সমস্যাই একপ্ৰকাৰ জটিল ৰূপ ধাৰণ কৰিছে৷ মহানগৰৰ বিভিন্ন ঠাইত ভূগৰ্ভস্থ পানী আহৰণ কৰাত জটিলতাৰ সৃষ্টি হৈছে৷ কিন্তু গুৱাহাটী মহানগৰত পানী যোগানৰ নামত চৰকাৰ, চৰকাৰী বিভাগ তথা চৰকাৰী কামৰ দায়িত্ব লাভ কৰা প্ৰতিষ্ঠানৰ কামৰ নমুনা দেখি এতিয়া ৰাইজৰ চকু কপালত উঠিছে৷ তাৰেই জ্বলন্ত প্ৰমাণ হৈ পৰিছে গুৱাহাটী পানী যোগান আঁচনি৷ মহানগৰবাসীৰ খোৱাপানীৰ সমস্যা দিনক দিনে অধিক জটিল হৈ পৰিছে৷ গুৱাহাটীবাসীক পানী যোগান ধৰাত ব্যৰ্থ জলব’ৰ্ড, জি এম চি, জি এম ডি এ তথা গুৱাহাটী উন্নয়ন বিভাগ৷ মহানগৰৰ ভূগৰ্ভস্থ জলস্তৰ নিম্নগামী হোৱাত কুঁৱা, সৰু-সুৰা বৰিঙেৰেও এতিয়া গুৱাহাটীত পানী নোলোৱা হৈছে৷ 
এনে পৰিপ্ৰেক্ষিতত গুৱাহাটীবাসীৰ বিশুদ্ধ খোৱাপানীৰ সমস্যা সমাধানৰ সকলোবোৰ পথ ৰুদ্ধ হৈ পৰিছে৷ ইফালে ২০০৮ চনতে প্ৰকল্পৰ কাম আৰম্ভ কৰা গেমনে সামৰিব নোৱাৰিলে দায়িত্ব৷ উল্লেখ্য যে গুৱাহাটী পৌৰ নিগমৰ তথ্য মতে, মহানগৰৰ মাত্ৰ ৩০ শতাংশ মানুহেহে চৰকাৰী আঁচনিৰ খোৱাপানী পায়৷ পৌৰ নিগমৰ এক তথ্য মতে, বৰ্তমান জনসংখ্যা অনুযায়ী গুৱাহাটীত দৈনিক ৩২৮.৮৬ নিযুত লিটাৰ খোৱাপানীৰ প্ৰয়োজন৷ কিন্তু খোৱাপানীৰ যোগান ধৰি অহা গুৱাহটী পৌৰ নিগম, জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু গুৱাহাটী মহানগৰ পানী যোগান আৰু অনাময় পৰিষদে ইয়াৰে মাত্ৰ ৭২.৪০ নিযুত লিটাৰ পানীহে যোগান ধৰিবলৈ সক্ষম হয়৷ অৰ্থাৎ মহানগৰখনত দৈনিক ২৫৬.৪৬ নিযুত লিটাৰ খোৱাপানীৰ অভাৱ থাকে৷ যাৰ পৰিপ্ৰেক্ষিতত প্ৰায় ১২ লাখ জনসংখ্যা থকা গুৱাহাটী মহানগৰত পানীৰ এই সংকটৰ সুযোগ গ্ৰহণ কৰি মহানগৰত এতিয়া একাংশ অসাধু ৰাজত্ব চলাই আছে৷ গুৱাহাটী পৌৰ নিগমৰ নীতি-নিৰ্দেশনা উলংঘা কৰি একাংশ লোকে নিজ ইচ্ছামতে অবৈধভাৱে পানীৰ ৰমৰমীয়া ব্যৱয়ায় চলাই আহিছে৷

Most Popular

চাহৰ সৈতে বিস্কুট কিমান স্বাস্থ্যকৰ ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

চাহৰ সৈতে বিস্কুটকিমান স্বাস্থ্যকৰ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

স্বৰ্গ-মৰ্ত্যৰ মাজৰ এই উপত্যকা!য’ত সময়ো থমকি ৰৈছে

ছাংগ্ৰিলা উপত্যকা– সঁচাকৈয়ে কি আছে এই ৰহস্যময় উপত্যকাত৷ ইয়াক লৈ বিভিন্ন সময়ত নানা প্ৰশ্নৰ উদয় হৈছে৷ ইয়াৰ ৰহস্য...

ভূপৃষ্ঠত সূৰ্যৰ উৎপত্তিৰ আগতেই পানী আছিল : কোনে ক’লে?

বিশ্বব্ৰহ্মাণ্ডত নক্ষত্ৰ সৃষ্টি হোৱাৰ আগৰে পৰাই পানী আছিল৷ বিজ্ঞানীসকলে ইয়াৰ তথ্য লাভ কৰিছে৷ উল্লেখ্য যে বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডত প্ৰথমে নক্ষত্ৰ, পানী, পৃথিৱী নে...