Home Daily news মহানগৰীত ফেন্সিডাইল জব্দ পৰিমাণ জানিলে আচৰিত হ’ব

মহানগৰীত ফেন্সিডাইল জব্দ পৰিমাণ জানিলে আচৰিত হ’ব

ৰাজ্যত ড্ৰাগ্‌ছৰ বিৰুদ্ধে অসম আৰক্ষীৰ ধাৰাবাহিক অভিযান চলি থকাৰ মাজতে আজি খোদ ৰাজধানী গুৱাহাটীত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী উদ্ধাৰ কৰাৰ লগতে এই অবৈধ ব্যৱসায়ৰ সৈতে জড়িত এটা আন্তঃৰাষ্ট্ৰীয় নেটৱৰ্ক উৎখাত কৰিবলৈ সক্ষম হয়৷ বাংলাদেশলৈ প্ৰেৰণ কৰিবলৈ লোৱাৰ সময়তে মহানগৰ আৰক্ষী-ক্ৰাইম ব্ৰান্সৰ যুটীয়া অভিযানত প্ৰায় ১২ কোটি টকা মূল্যৰ অবৈধ ফেন্সিডাইল [কফ ছিৰাপ] জব্দ কৰে৷

লক্ষণীয় যে এয়া অবৈধ কফ ছিৰাপৰ ক্ষেত্ৰত ৰাজ্যত অসম আৰক্ষীৰ অন্যতম বৃহৎ সাফল্য৷ উল্লেখ্য যে এক নিৰ্দিষ্ট সূত্ৰৰ খবৰৰ ভিত্তিত আজি মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত মহানগৰ আৰক্ষী আৰু ক্ৰাইম ব্ৰান্সে গড়চুক আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম বৰাগাঁৱৰ নিজৰাপাৰত অভিযান চলায়৷ অভিযানকাৰী দলটোৱে এটা ঘৰত লুকুৱাই ৰখা অৱস্থাত ৩০ হাজাৰ বটল অবৈধ নিচাযুক্ত সামগ্ৰী ফেন্সিডাইল জব্দ কৰিবলৈ সক্ষম হয়৷

এই সন্দৰ্ভত আৰক্ষীয়ে আন্তঃৰাষ্ট্ৰীয় চক্ৰটোৰ তিনিটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে৷ গ্ৰেপ্তাৰ কৰা সৰবৰাহকাৰীকেইটা হ’ল মৃদুল মালাকাৰ, হাফিজুৰ ৰহমান আৰু মুজিবুৰ ৰহমান৷ মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত মহন্তই সংবাদ মাধ্যমৰ আগত এই অভিযান সন্দৰ্ভত কয় যে চিকিৎসকৰ পৰামৰ্শ অবিহনে নিচাৰ বাবে সেৱন কৰিবলৈ সৰবৰাহ কৰা ফেন্সিডাইল নামৰ কাহৰ ঔষধখিনি পশ্চিম বংগৰ পৰা আনি গুৱাহাটীত মজুত কৰিছিল৷

এই সামগ্ৰীখিনি মেঘালয় হৈ বাংলাদেশলৈ প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰা হৈছিল বুলিও তেওঁ প্ৰকাশ কৰে৷ আনহাতে, বাংলাদেশত এই কফ ছিৰাপখিনিৰ মূল্য প্ৰায় ১২ কোটি টকা হ’ব বুলিও তেওঁ সদৰী কৰে৷

Most Popular

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ঘণ্টা ঘণ্টা ধৰি কাণত হেডফোনথাকিলে হ’ব পাৰে এই মহা বিপদ

নিয়মিতভাৱে হেডফোন ব্যৱহাৰ কৰিলে বিভিন্ন সমস্যাই দেখা দিব পাৰে৷ এই তালিকাত কিছু ভয়াৱহ ৰোগৰ নামো সন্নিৱিষ্ট হৈছে৷ সময় থাকোঁতে সেয়ে এই বিষয়ে...

তিতাকেৰেলা এইবোৰৰসৈতে ভুলতো নাখাব

খাবলৈ তিতা হ’লেও তিতাকেৰেলা যে আমাৰ শৰীৰৰ বাবে ভীষণ উপকাৰী সেই কথা সকলোৱে জানে৷ তিতাকেৰেলা এনে এবিধ পাচলি, যাৰ আছে হাজাৰটা ঔষধি...