চকুৰ তলৰ ক’লা দাগ কিদৰে নিৰাময় কৰিব ?

0
509

বহুতৰে চকুৰ তলৰ অংশ ক’লা পৰাটো প্ৰত্যক্ষ কৰা হয়৷ বিভিন্ন পাৰিপাশ্বিৰ্ক কাৰণ, ৰ’দ, প্ৰদূষণ, ৰাতি কম টোপনি আদি কাৰকৰ বাবে চকুৰ তলৰ অংশ ক’লা পৰিব পাৰে৷ ৰাতি পৰ্যাপ্ত টোপনিৰ অভাৱত চকুৰ গুৰি ক’লা পৰিব পাৰে৷ ইয়াৰ বাহিৰেও চকুৰ গুৰি ক’লা পৰাৰ অন্য কি কাৰণ থাকিব পাৰে জানো আহক৷ ভিটামিন-চিয়ে চকুৰ চাৰিওফালে ব্লাড ছাৰ্কুলেশ্যন বঢ়াই তোলে৷ কলাজেনৰ উৎপাদন বৃদ্ধি কৰে৷ ছালৰ স্থিতিস্থাপকতা ৰক্ষাৰ বাবে প্ৰ’টিন কলাজেন গুৰুত্বপূৰ্ণ৷ ছালৰ উজ্জ্বলতা ধৰি ৰাখিবলৈ ভিটামিন-চি অত্যন্ত প্ৰয়োজনীয়৷ সেয়েহে খাদ্যত ভিটামিন-চিৰ অভাৱ হ’লে এইধৰণৰ সমস্যাই দেখা দিব পাৰে৷
চকুৰ তলৰ অংশ ক’লা পৰিলে মূলতে টোপনি ক্ষতিৰ কাৰণে হয়৷ টোপনি ক্ষতি হ’লে শৰীৰত আইৰনৰ অভাৱে দেখা দিয়ে৷ আনহাতে শৰীৰত অক্সিজেনৰ অভাৱ হ’লে ছালখন নিষ্প্ৰভ হৈ পৰে৷ চকু ভালে ৰাখিবলৈ আইৰন থকা খাদ্য গ্ৰহণ কৰা উচিত৷
চকুৰ চাৰিওফালে ব্লাড ছাৰ্কুলেশ্যন উন্নত কৰাৰ বাবে ভিটামিন-কে, ইনফ্লেমেশ্যন কমিলে ছালৰ তৈলাক্ত ভাব কম কৰে ভিটামিন-কে-এ৷ বিট, বন্ধাকবি, বেদনা আদি ভিটামিন-কেযুক্ত খাদ্য খালে চকুৰ সমস্যা নোহোৱা হয়৷
ছালখনৰ আদ্ৰৰ্তা বজাই ৰাখিবলৈ ভিটামিন-ই অত্যন্ত দৰকাৰ৷ এই উপাদানে ছালৰ বলিৰেখা ৰোধ কৰে৷ শুষ্ক ছালৰ বাৰে ভিটামিন-ই অতি আৱশ্যক৷ আনহাতে সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিৰ পৰা ছালখনক ভিটামিন-ই-এ সুৰক্ষা প্ৰদান কৰে৷ সেয়েহে ছালখন সজীৱ কৰি ৰাখিবলৈ যথেষ্ট পৰিমাণে ভিটামিন-ইযুক্ত খাদ্য গ্ৰহণ কৰা ভাল৷
ফল বা সেউজীয়া শাক-পাচলিত লাইকোপেন পোৱা যায় লগতে এণ্টিঅক্সিডেণ্টেৰে ভৰপূৰ৷ ছালত পিগমেণ্টেশ্যন কমিলে বা ডাৰ্ক চাৰ্কোলৰ পৰা প্ৰভাৱৰ পৰা লাইকোপেনে সুৰক্ষা দিয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here