Home Daily news মহানগৰীত পানী যোগানৰ অনলাইন আৱেদনৰ বাবে ৱেবছাইট, এপ্‌ মুকলি

মহানগৰীত পানী যোগানৰ অনলাইন আৱেদনৰ বাবে ৱেবছাইট, এপ্‌ মুকলি

গুৱাহাটীৰ প্ৰায় ৰ,১৫,০০০ পৰিয়ালক গৃহ সংযোগ সেৱাৰ জৰিয়তে সুৰক্ষিত পানী যোগান ধৰাৰ লক্ষ্যৰে ৰূপায়ণ কৰা জাইকা সাহায্যপ্ৰাপ্ত গুৱাহাটী পানী যোগান প্ৰকল্পৰ অন্তৰ্গত প্তটা ভিত্তিক মিচাৰিং এৰিয়া ৩,০০০ পৰিয়ালক পৰীক্ষামূলকভাৱে পানী যোগানৰ বাবে যোৱা ২১ জুলাইত অনলাইন আৱেদনৰ বাবে এক ৱেবছাইট আৰু ম’বাইল এপ মুকলি কৰা হয়৷
গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংঘালে জনতা ভৱনত আয়োজিত এক সভাত আনুষ্ঠানিকভাৱে www.gmdwsbin নামৰ ৱেবছাইটটো আৰু GJB Guwahati Jal Board নামৰ ম’বাইল এপটো মুকলি কৰে৷ মন্ত্ৰীগৰাকীয়ে আগন্তুক দিনত পানী যোগানৰ এই গৃহ সংযোগ সেৱা গুৱাহাটীৰ আন আন অঞ্চললৈ প্ৰসাৰিত কৰা হ’ব বুলি মন্তব্য কৰে৷ আনহাতে বৰ্তমান পৰীক্ষামূলক পানী যোগানৰ বাবে সাজু হৈ উঠা পাঁচটা ডি এম এ অঞ্চলৰ ইচ্ছুক জনসাধাৰণক মন্ত্ৰীগৰাকীয়ে ১৫ দিনৰ ভিতৰত আৱেদন দাখিল কৰিবলৈ অনুৰোধ জনায়৷ 
গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশিস¸ শৰ্মা, নতুন দিল্লীৰ পৰা অনলাইনত সংযোগ স্থাপন কৰা জাইকাৰ বিভিন্ন বিষয়াবৰ্গ উপস্থিত থাকে৷ কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত তথা গুৱাহাটী জল ব’ৰ্ডৰ পৰিচালন সঞ্চালক পল্লৱ গোপাল ঝাই GMDWগুSB ৱেবছাইট আৰু এটা নিৰ্দিষ্ট হেল্পলাইন নম্বৰ ৯১-৬০০৩৯-২০৮৪৬১ জৰিয়তে গ্ৰাহকে কিবা অভিযোগ থাকিলে উত্থাপন কৰিব পাৰিব বুলিও তেওঁ উল্লেখ কৰে৷ 
উল্লেখযোগ্য যে বৰ্তমান পানী যোগানৰ  সংযোগৰ আকাৰ আদিৰ ওপৰত ভিত্তি কৰি সুৰক্ষা জমাসহ স্থাপন আৰু পানী যোগানৰ আৱেদনৰ মাচুল জ্ঝ,৫০০ টকাৰ পৰা ১২,৫০০ টকা পৰ্যন্ত ধাৰ্য কৰা হৈছে৷ নিৰিখ আৰু স্থাপনৰ মাচুল হিচাপে ঘৰুৱা যোগানৰ বাবে ে€ব অনুসৰি প্ৰতি ১০০০ লিটাৰত ২২ টকা৷ সম্ভাৱনীয়তা আদিৰ ওপৰত ভিত্তি কৰি ট্ৰায়েল ৰানৰ সময়ছোৱাত সৰ্বোচ্ছ ২১ দিনৰ ভিতৰত গৃহ সংযোগ প্ৰদান কৰা হ’ব৷

Most Popular

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ঘণ্টা ঘণ্টা ধৰি কাণত হেডফোনথাকিলে হ’ব পাৰে এই মহা বিপদ

নিয়মিতভাৱে হেডফোন ব্যৱহাৰ কৰিলে বিভিন্ন সমস্যাই দেখা দিব পাৰে৷ এই তালিকাত কিছু ভয়াৱহ ৰোগৰ নামো সন্নিৱিষ্ট হৈছে৷ সময় থাকোঁতে সেয়ে এই বিষয়ে...

তিতাকেৰেলা এইবোৰৰসৈতে ভুলতো নাখাব

খাবলৈ তিতা হ’লেও তিতাকেৰেলা যে আমাৰ শৰীৰৰ বাবে ভীষণ উপকাৰী সেই কথা সকলোৱে জানে৷ তিতাকেৰেলা এনে এবিধ পাচলি, যাৰ আছে হাজাৰটা ঔষধি...