ইউৰিয়া উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ হ’ব ভাৰত

0
594

দেশবাসীৰ কৃষক শ্ৰেণীৰ বাবে এটা ভাল খবৰ৷ কিয়নো ভাৰতে ইউৰিয়া উৎপাদনত স্বাৱলম্বী হ’বলৈ গৈ আছে৷ এটা চৰকাৰী সূত্ৰই জনোৱা মতে ২০২৫ চনৰ ভিতৰত ভাৰতে ইউৰিয়া উৎপাদনত আত্মনিৰ্ভৰশীল হ’ব বুলি জানিব পৰা গৈছে৷ সূ্‌ত্ৰটোৱে কয় যে দেশত ২০২৫ চনৰ ভিতৰত ইউৰিয়া আৰু লিকুইড ইউৰিয়া উৎপাদন  যথেষ্ট বৃদ্ধি হ’ব৷ ইয়াৰ ফলত দেশে ইউৰিয়া সাৰ অন্য ৰাষ্ট্ৰৰ পৰা আমদানি কৰিব নালাগিব৷ বৰ্তমান দেশে প্ৰতিবছৰে ২৬০ লাখ টন ইউৰিয়া উৎপাদন কৰে যদিও কৃষকৰ চাহিদা পূৰণ কৰিবলৈ এইখিনিয়েই যথেষ্ট নহয়৷ ইয়াৰ বাবে দেশে প্ৰতিবছৰে প্ৰায় ৯০ লাখ টন ওপৰঞ্চি ইউৰিয়া সাৰ আমদানি কৰিবলগীয়া হয়৷ সেয়েহে ভাৰতে ইউৰিয়া সাৰ উৎপাদনত আত্মনিৰ্ভৰ হোৱাৰ খবৰে কৃষকসকলৰ মাজত কিছু হ’লেও আশাৰ সঞ্চাৰ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here