Home Daily news মহানগৰীত দৈনিক কিমান নিযুত লিটাৰ খোৱাপানীৰ প্ৰয়োজন জানেনে ?

মহানগৰীত দৈনিক কিমান নিযুত লিটাৰ খোৱাপানীৰ প্ৰয়োজন জানেনে ?


গুৱাহাটী মহানগৰীত বাস কৰা নাগৰিকে এতিয়া নানা সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে৷ অন্যান্য সমস্যাৰ লগতে বিশুদ্ধ খোৱাপানীৰ সমস্যাই নাগৰিকক যমন যন্ত্ৰণাত ভোগাইছে৷ বিশুদ্ধ পানীটোপাৰ বাবে কিছু অঞ্চলত দুৰ্বিষহ জীৱন কটাবলগীয়া হৈছে৷ খোৱাপানীটুপিৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈ ৰাইজে৷ বিশুদ্ধ খোৱাপানীৰ নামৰ ৰাজ্য চৰকাৰে বিভিন্ন আঁচনি ঘোষণা তথা ইয়াক ৰূপায়ণ কৰিছে যদিও সুফল হ’ব পৰা নাই৷ মূলতঃ বাৰিষাতকৈ খৰালি কালত খোৱাপানীৰ বাবে নাগৰিকে দুৰ্ভোগ ভুগিবলগীয়া হয়৷ নাগৰিকে কেনেবাকৈ এটুপি পানীৰ বাবে ঘৰতে খান্দি লোৱা কুঁৱা, খাল আদিৰ পানী নোহোৱা হয়৷ এই সময়ত কুঁৱা, খাল, জলাশয়ৰ পানী সম্পূৰ্ণ শুকাই যায়৷ উল্লেখ্য যে মহানগৰত বৰ্তমান জনসংখ্যা অনুযায়ী দৈনিক ৩২৮.৮৬ নিযুত লিটাৰ পানীৰ আৱশ্যক হয়৷ কিন্তু খোৱাপানী যোগান ধৰি অহা তিনিটাকৈ বিভাগ ক্ৰমে গুৱাহাটী পৌৰ নিগম, জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু গুৱাহাটী মহানগৰ পানী যোগান আৰু অনাময় পৰিষদ আছে যদিও এই দৈনিক প্ৰয়োজনীয় পানীৰ মাত্ৰ ৭২.৪০ নিযুত লিটাৰ পানীহে যোগান ধৰি আহিছে৷ অথাৰ্ৎ মহানগৰত দৈনিক ২৫৬.৪৬ নিযুত লিটাৰ খোৱাপানীৰ পানীৰ অভাৱ হৈ আহিছে৷ এই পৰিপ্ৰেক্ষিতত অধিকাংশ বাসিন্দাই পানীৰ ব্যৱসায়ীৰ ওচৰত শৰণাপন্ন হ’বলগীয়া হয়৷ যাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে পানীৰ ব্যৱসায়ীয়ে৷

Most Popular

বিস্কুটৰ গাত অসংখ্য ছিদ্ৰ থকাৰ আঁৰৰ কথা জানেনে ?

বিস্কুট খোৱাটো আমি সকলোৱে পচন্দ কৰোঁ৷ পুৱাৰ ফিকা চাহকাপৰ সৈতে এখন বিস্কুট খোৱাৰ আমেজেই সুকীয়া৷ চাহ-বিস্কুটৰ জুতি নল’লে দিনটো যেন অসম্পূৰ্ণ হৈয়ে...

বিজ্ঞানীৰ উদ্ভাৱন : বিশ্বৰ ৰূপ সলনি কৰিব Red matter-এ

আধুনিক বিজ্ঞান-প্ৰযুক্তিৰ দিশত বিজ্ঞানীসকলে ন ন কৌশল উদ্ভাৱন ব্ৰতী হৈ আছে৷ ইয়াৰে ফচল হিচাপে এইবাৰ বিজ্ঞানীসকলে নতুন পদাৰ্থ...

নিমিষতে ম’বাইল ডাটা শেষনহ’বলৈ এই পদ্ধতি অৱলম্বন কৰক

আপুনি গোটেই দিনটোত ফে’চবুক, ৱাটছএপ কোনোটোৱে ব্যৱহাৰ কৰা নাই, অথচ আপোনাৰ স্মাৰ্টফোনটোৰ ডাটা ৫০ শতাংশ শেষ হৈ গৈছে৷ তাৰ বাবে আপুনি কাষ্টমাৰ...

বেচনৰ হেয়াৰ মাস্ক : চুলিৰ যত্নত কিদৰে ব্যৱহাৰ কৰিব ?

বহু যুগ ধৰি সৌন্দৰ্য বজাই ৰখাৰ বাবে বেচন ব্যৱহাৰ হৈ আহিছে৷ ছালৰ উজ্জ্বলতা, ব্ৰুন বা মুখৰ দাগ, পিগমেণ্টটেশ্যন আদি ছালৰ যিকোনো সমস্যা...