WHO-ৰ চাঞ্চল্যকৰ তথ্য : বিশ্বজুৰি অসংক্ৰামক ৰোগ হৈ পৰিছে পংগুত্বৰ প্ৰধান কাৰণ

0
273

বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ WHO-ই প্ৰকাশ কৰা এক প্ৰতিবেদনত কোৱা হৈছে যে বিশ্বজুৰি অসংক্ৰামক ৰোগ পংগুত্ব তথা মৃত্যুৰ প্ৰধান কাৰণ হৈ পৰিছে৷ অসংক্ৰামক ৰোগত মানুহৰ মৃত্যুৰ হাৰ অভাৱনীয়ভাৱে বৃদ্ধি পাবলৈ ধৰিছে৷ WHO-ৰ প্ৰতিবেদন প্ৰকাশ পাইছে যে দুখীয়া তথা উন্নয়নশীল দেশসমূহত প্ৰতি দহগৰাকী মৃতকৰ ৯গৰাকীয়েই অসংক্ৰামক ৰোগত আক্ৰান্ত হয়৷ জানিব পৰা মতে বিশ্বৰ মুঠ ১৯৪ দেশৰ তথ্য সংগ্ৰহ কৰি উক্ত প্ৰতিবেদন প্ৰস্তুত কৰিছিল৷ উল্লেখ্য যে দীৰ্ঘদিনীয়াকৈ মানুহে স্বাস্থ্যৰ ক্ষেত্ৰত আহি থকা সমস্যাৰ বাবে জটিল অসংক্ৰামক ৰোগত আক্ৰান্ত হ’বলগীয়া হয় আৰু ইয়াৰ বাবে দীঘলীয়া চিকিৎসা তথা সেৱা-শুশ্ৰূষাৰ প্ৰয়োজন হয়৷ সাধাৰণতে কৰ্কট, হৃদৰোগ, হাড়ৰ জড়তা, মধুমেহ, মৃগী আদি বিভিন্ন ৰোগক অসংক্ৰামক ৰোগ হিচাপে ধৰা হয়৷ বহু অসংক্ৰামক ৰোগৰ পৰা মানুহে সহজে আৰোগ্য লাভ কৰি ৰোগ প্ৰতিৰোধ কৰিব পাৰে যদিও অসময়ত এই ৰোগেই আক্ৰান্ত ব্যক্তিজনৰ মৃত্যুৰ কাৰণ হ’ব পাৰে৷ অস্বাস্থ্যকৰ খাদ্য গ্ৰহণ, ধূমপান, সুৰাপান, প্ৰয়োজনীয় শাৰীৰিক অনুশীলন আদি নকৰাৰ ফলতে অসংক্ৰামক ৰোগৰ বৃদ্ধিৰ কাৰণ হিচাপে চিহ্নিত হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here