মমৰ ধোঁৱা শৰীৰৰ বাবে উপকাৰী নে অপকাৰী?

0
2366

আগৰ দিনত পোহৰৰ উৎস হিচাপে লেম্প, মম আদি ব্যৱহাৰ কৰা হৈছিল৷ কিন্তু সময়ৰ সোঁতত বিদ্যুতৰ উদ্ভাৱনৰ লগে লগে মমক বিভিন্ন ডেক’ৰেশ্যনৰ কাৰণেহে ব্যৱহাৰ কৰা হয়৷ আজিকালি বজাৰত বিভিন্ন ধৰণৰ সুগন্ধিযুক্ত মম উপলব্ধ৷ যাৰ প্ৰতি আকৰ্ষিত হৈ মম ক্ৰয় কৰা দেখা যায়৷ যদিও মমে পোহৰ উৎপন্ন কৰে, ইয়াৰ পৰা ওলোৱা ধোঁৱা শৰীৰৰ বাবে কিমান বিষাক্ত জানেনে? বহু মানুহে অভিযোগ কৰা মতে মমে শৰীৰৰ বাবে অনিষ্টকাৰী টক্সিন উৎপন্ন কৰে৷ সাধাৰণতে পেৰাফিন ৱেক্সৰ পৰা মম তৈয়াৰ কৰা হয়৷ এনেধৰণৰ ৱেক্স পেট্ৰলিয়ামৰ পৰা বনোৱা হয়, যিটো গেছলিন বনোৱাৰ কাৰণে ব্যৱহাৰ কৰা হয়৷ ২০০৯ চনত কৰা এটা অধ্যয়নৰ পৰা জানিব পৰা গম পোৱা গৈছে যে জ্বলি থকা এই পেৰাফিন ৱেক্সে বিষাক্ত Toluene নামৰ কেমিকেল উৎপন্ন কৰে৷ উৎপাদিত এই কেমিকেল মানুহৰ শৰীৰৰ বাবে হানিকাৰক৷ সুগন্ধিযুক্ত মমে শৰীৰত এলাৰ্জিৰ সৃষ্টি কৰিব পাৰে৷ মমৰ ধোঁৱাৰ পৰা খজুৱতি, চকু জ্বলা-পোৰা, ডিঙিৰ সুৰসুৰনি, নাক বন্ধ, মূৰৰ বিষ, অষ্টমাৰ দৰে ৰোগৰ সৃষ্টি কৰিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here