Home Daily news মঙলত ময়ূৰপক্ষী ৰত্নৰ ভাণ্ডাৰ ! জনালে নাছাই

মঙলত ময়ূৰপক্ষী ৰত্নৰ ভাণ্ডাৰ ! জনালে নাছাই


মঙলৰ বুকুত অষ্টভাণ্ডাৰ লুকাই থাকিব পাৰে বুলি এইবাৰ সদৰী কৰিছে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই৷ মঙলৰ বুকুত দীৰ্ঘকাল আগতে শুকাই যোৱা হ্ৰদৰ তলিত ৰত্ন ভাণ্ডাৰ থকাৰ ইংগিত দিছে নাছাই৷ নাছাৰ কিউৰিঅ’চিটি ৰোভাৰে মঙলৰ মাটিত বিচৰণ কৰি এই কথা সদৰী কৰিছে৷ বিজ্ঞানয়ে ধাৰণা কৰা মতে বছৰ বছৰ ধৰি মঙলৰ বুকুত থকা পানী আৰু পাথৰৰ মিথক্ৰিয়া ঘটিয়েই এই ৰত্ন ভাণ্ডাৰৰ উৎপত্তি হোৱা স্থল আছে৷ এই ক্ষেত্ৰত ইয়াৰ বুকুত এটাসময়ত জীৱাণুৰ অস্তিত্ব থকাৰো সম্ভাৱনা নথকা নহয়৷ জাৰ্নাল অব জিঅ’ফিজিকেল ৰিছাৰ্চ প্লেনেটত প্ৰকাশিত গৱেষণা-পত্ৰত এই বিষয়টো প্ৰকাশ কৰা হৈছে৷ সৌৰজগতৰ অন্যত প্ৰাণীৰ সন্ধান কৰিবলৈ গ’লে মূলতঃ পানীৰ অস্তিত্বৰ ওপৰত বেছি গুৰুত্ব দিয়ে বিজ্ঞানীয়ে৷ কাৰণ প্ৰাণীৰ অস্তিত্বৰ ক্ষেত্ৰত পানী থকাটো বাধ্যতামূলক৷ এই সময়ত ৰঙা গ্ৰহত পানীৰ অস্তিত্বৰ কথা ধৰা পৰিছে৷ বিগত সময়ত ইয়াৰ মাটিৰ গঠন, বিভিন্ন খনিজ তথা ইয়াত পোৱা বালি-শিল পৰীক্ষা কৰি একালত পানীৰ অস্তিত্ব আছিল বুলি কোৱা হৈছে৷ সেয়েহে ইয়াৰ ৰত্নৰ সন্ধান পোৱাৰ বিজ্ঞানীসকল আশাবাদী৷ এই ময়ূৰপক্ষী নামৰ ৰত্নবিধ বালিমাটিত ছিলিকা আৰু পানীৰ মিথস্ত্ৰিয়ামৰ উচ্ছ তাপমাত্ৰাত তৈয়াৰ হয়৷ ৰামধেনুৰ দৰে ৰঙৰ ৰত্নবিধ বেঙুনীয়া, নীলা, ৰঙা নানা ৰঙৰ সমাহাৰবিশিষ্ট৷ এই পাথৰ বা ৰত্নবিধ দুৰ্মূল্য বুলি জনা যায়৷ বৰ্তমান পৃথিৱীৰ মেক্সিকো, ব্ৰাজিল, হণ্ডুৰাজ, জাপান, লিবিয়া, অষ্ট্ৰেলিয়া আদি দেশত এই ৰত্নবিধ পোৱা যায়৷ ইয়াক লৈ এটা বৃহৎ পৰ্যটন ব্যৱয়াসী গঢ় লৈ উঠিছে৷ ইয়াৰ উপৰি জ্যোতিশাস্ত্ৰত এই ৰত্নবিধৰ অসীম গুৰুত্ব আছে৷ জ্যোতিশাস্ত্ৰ অনুসৰি এই পাথৰ ধাৰণ কৰিলে জীৱনৰ সকলো ক্ষেত্ৰতে উন্নতি তথা বিজয়ী হোৱা যায়৷ জনা মতে মঙলৰ বুকুত ১৫৪ কিলোমিটাৰজোৰা হ্ৰদৰ পানী শুকাই ইয়াৰ গহত এই ময়ূৰপক্ষী ৰত্ন সঞ্চিত হৈ আছে৷ ইয়াৰ অৱস্থিতি ইতিমধ্যে কিউৰিছিটি ৰোভাৰে ধৰা পেলাইছে৷

Most Popular

চাহৰ সৈতে বিস্কুট কিমান স্বাস্থ্যকৰ ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

চাহৰ সৈতে বিস্কুটকিমান স্বাস্থ্যকৰ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

স্বৰ্গ-মৰ্ত্যৰ মাজৰ এই উপত্যকা!য’ত সময়ো থমকি ৰৈছে

ছাংগ্ৰিলা উপত্যকা– সঁচাকৈয়ে কি আছে এই ৰহস্যময় উপত্যকাত৷ ইয়াক লৈ বিভিন্ন সময়ত নানা প্ৰশ্নৰ উদয় হৈছে৷ ইয়াৰ ৰহস্য...

ভূপৃষ্ঠত সূৰ্যৰ উৎপত্তিৰ আগতেই পানী আছিল : কোনে ক’লে?

বিশ্বব্ৰহ্মাণ্ডত নক্ষত্ৰ সৃষ্টি হোৱাৰ আগৰে পৰাই পানী আছিল৷ বিজ্ঞানীসকলে ইয়াৰ তথ্য লাভ কৰিছে৷ উল্লেখ্য যে বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডত প্ৰথমে নক্ষত্ৰ, পানী, পৃথিৱী নে...