ভাৰতৰ প্ৰথমগৰাকী কভিড ৰোগী পুনৰ সংক্ৰমিত

0
797
ভাৰতৰ প্ৰথমগৰাকী কভিড ৰোগী পুনৰ কৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে৷ ত্ৰিশূৰ জিলা স্বাস্থ্য বিষয়া ডাঃ কে জি ৰীণাই সংবাদ মাধ্যমক জনায় যে ভাৰতৰ প্ৰথমগৰাকী কভিড ৰোগী পুনৰ সংক্ৰমিত হৈছে৷ তেওঁৰ RTPCR পজিটিভ আৰু এণ্টিজেন নিগেটিভ৷ কভিড আক্ৰান্ত মহিলাগৰাকীৰ শৰীৰত কোনো লক্ষণ নাই৷ বৰ্তমান বাসগৃহতে থকা মহিলাগৰাকী সুস্থ বুলি চিকিৎকে জনায়৷ উল্লেখ্য যে ছেমিষ্টাৰ বন্ধৰ বাবে ঘৰলৈ উভতি অহাৰ পাছত ২০২০ চনৰ ৩০ জানুৱাৰীত উহান বিশ্ববিদ্যালয়ৰ তৃতীয় বাৰ্ষিকৰ মেডিকেল ছাত্ৰীগৰাকী কভিডত আক্ৰান্ত বুলি চিনাক্ত হৈছিল৷ তেৱেঁই আছিল ভাৰতৰ প্ৰথমগৰাকী কভিড ৰোগী৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here