Home Daily news ভাৰতে নিষিদ্ধ কৰিলে খুদ চাউলৰ ৰপ্তানি

ভাৰতে নিষিদ্ধ কৰিলে খুদ চাউলৰ ৰপ্তানি

এইবাৰ খাৰিফ ঋতুত ভাৰতত চাউলৰ উৎপাদন ১০-২০ মিলিয়ন টন কমিব বুলি অনুমান কৰাৰ পাছত বৰ্ধিত খুচুৰা দাম নিয়ন্ত্ৰণ কৰিবলৈ আৰু ঘৰুৱা যোগান বৃদ্ধি কৰিবলৈ চৰকাৰে খুদ চাউল বা ভগা চাউলৰ [ব্ৰকেন ৰাইচ] ১৫ানি নিষিদ্ধ কৰিছে৷ ৰপ্তানি
ত নিৰুৎসাহ কৰিবলৈ পাৰ-বইল্‌ড ৰাইচৰ [উখোৱা চাউল] বাদে নন-বাছমতি চাউলতো ২০ শতাংশ ৰপ্তানি
 শুল্ক
 আৰোপ কৰা হৈছে৷ ৰপ্তানি
 নিষিদ্ধকৰণৰ যুক্তিযুক্ততা ব্যাখ্যা কৰি খাদ্য সচিব সুধাংশু পাণ্ডেই কয় যে খুদ চাউলৰ ৰপ্তানি অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে আৰু পশু খাদ্যৰ বাবে আৰু লগতে ইথানল ব্লেণ্ডিং প্ৰগ্ৰেমৰ বাবেও যথেষ্ট পৰিমাণৰ খুদ চাউল মজুত নাই৷ সেয়ে ৰপ্তানি
 নিষিদ্ধ কৰা হৈছে৷ চীনৰ পিছতে পৃথিৱীৰ ভিতৰত দ্বিতীয় বৃহত্তম চাউল উৎপাদনকাৰী দেশ ভাৰতৰ চাউলৰ ৰপ্তানি
 অংশ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত ৪০ শতাংশ৷ ভাৰতে ২০২১-২২ বৰ্ষত ২১.২ মিলিয়ন টন চাউল ৰপ্তানি কৰে৷ তাৰ ভিতৰত ৩.৯৪ মিলিয়ন টন আছিল বাছমতি চাউল৷ খুদ চাউলৰ ৰপ্তানি
 নিষিদ্ধ কৰি কালি অধিসূচনা জাৰি কৰা হয় আৰু আজিৰ পৰা কাৰ্যকৰী হৈছে৷ পাণ্ডেই কয় যে ভাৰতে ২০২১-২২ বৰ্ষত ৩.৮৯ মিলিয়ন টন খুদ চাউল ৰপ্তানি
 কৰে৷ তেওঁ কয় যে চাউলৰ ঘৰুৱা পাইকাৰী আৰু খুচুৰা দাম বৃদ্ধি পাইছে৷ পাইকাৰী দাম কুইণ্টলত এতিয়া ৩,২৯১ টকা৷ এবছৰৰ আগতে আছিল ৩,০৪১ টকা৷ খুচুৰা দাম প্ৰতি কিল’গ্ৰামত বৃদ্ধি পাইছে ৬.৩৮ টকাকৈ৷

Most Popular

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ঘণ্টা ঘণ্টা ধৰি কাণত হেডফোনথাকিলে হ’ব পাৰে এই মহা বিপদ

নিয়মিতভাৱে হেডফোন ব্যৱহাৰ কৰিলে বিভিন্ন সমস্যাই দেখা দিব পাৰে৷ এই তালিকাত কিছু ভয়াৱহ ৰোগৰ নামো সন্নিৱিষ্ট হৈছে৷ সময় থাকোঁতে সেয়ে এই বিষয়ে...

তিতাকেৰেলা এইবোৰৰসৈতে ভুলতো নাখাব

খাবলৈ তিতা হ’লেও তিতাকেৰেলা যে আমাৰ শৰীৰৰ বাবে ভীষণ উপকাৰী সেই কথা সকলোৱে জানে৷ তিতাকেৰেলা এনে এবিধ পাচলি, যাৰ আছে হাজাৰটা ঔষধি...