ভাৰতত কিমান হব কোৰোনাৰ এটা ভেকচিনৰ দাম?

0
2390

২৪ আগষ্ট, ২০২০, স্বাস্থ্যবাৰ্তাঃ ক’ৰোনা সংক্ৰান্তীয় ভাল খবৰ।  ভাৰতত বিনামূলীয়াকৈ উপলব্ধ হ’ব ক’ৰোনা ভাইৰাচৰ ভেকচিন। ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই ঘোষণা কৰিছে এই কথা। উল্লেখ্য যে অক্সফ’ৰ্ড বিশ্ববিদ্যালয় আৰু ছুইডিছ-বৃটিছ সংস্থা অষ্ট্ৰাজেনেকাৰ যৌথ প্ৰচেষ্টাত ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই ভাৰতত ক’ৰোনা ভাইৰাচৰ ভেকচিনৰ গৱেষনা চলাই আছে। শেহতীয়া ঘোষণা অনুসৰি অহা ৫৮ দিনৰ পিছত বজাৰত উপলব্ধ হ’ব লগা ক’ভিশ্বিল্ড নামৰ এই ভেকচিন ভাৰতত বিনামূলীয়াকৈ উপলব্ধ হ’ব বুলি জানিব পৰা গৈছে। প্ৰথম খেপত ৬৮ কোটি ড’জ প্ৰস্তুতৰ যো-জা চলোৱা হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here