Home Daily news ভাৰতত এণ্টিমাইক্ৰ’বিয়েলৰ ৰেজিষ্টেন্স বাঢ়িছে : আই চি এম আৰ

ভাৰতত এণ্টিমাইক্ৰ’বিয়েলৰ ৰেজিষ্টেন্স বাঢ়িছে : আই চি এম আৰ

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ চমুকৈ আই চি এম আৰ-এ চলোৱা এটা অধ্যয়নত ধৰা পৰিছে যে ভাৰতৰ বৃহৎ সংখ্যক ৰোগীৰ এণ্টিমাইক্ৰ’বিয়েল ৰেজিষ্টেন্স বাঢ়িছে আৰু তাৰ ফলত কাৰ্বাপেনেম নামৰ এণ্টিবায়’টিককে ধৰি কিছুমান শক্তিশালী এণ্টিবায়’টিকে তেওঁলোকৰ ক্ষেত্ৰত কাম নিদিব পাৰে৷ নিউমোনিয়া আৰু ছেপ্টিচেমিয়াৰ চিকিৎসা কৰিবলৈ ঘাইকৈ চিকিৎসালয়ৰ আই চি ইউত কাৰ্বাপেনেম ব্যৱহাৰ কৰা হয়৷ ২০২১ চনৰ এক জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰৰ ভিতৰত তথ্যবোৰ বিশ্লেষণ কৰা হৈছিল৷ তাৰ পৰা দেখা গৈছে যে ঔষধ-প্ৰতিৰোধী পেথ’জেন [ৰোগ সৃষ্টিকাৰী বীজাণু] ক্ৰমাৎ বাঢ়িছে৷ ফলত প্ৰচলিত কিছুমান ঔষধেৰে কিছুমান সংক্ৰমণৰ চিকিৎসা কৰাটো জটিল হৈ পৰিছে৷ অধ্যয়নটোৰ নেতৃত্ব দিয়া আই চি এম আৰৰ বিজ্ঞানী ডাঃ কামিনী ৱালিয়াই এই কথা কয়৷ 
তেওঁ কয় যে যদি তৎক্ষণাৎ শুধৰণিমূলক ব্যৱস্থা লোৱা নহয় তেন্তে এণ্টিবায়’টিক ৰেজিষ্টেন্সে অদূৰ ভৱিষ্যতে এটা মহামাৰীৰ ৰূপ লোৱাৰ সম্ভাৱনা আছে৷ উল্লেখ্য যে এণ্টিমাইক্ৰ’বিয়েল ৰেজিষ্টেন্সৰ গতি-প্ৰকৃতিৰ বিষয়ে এইখন আই চি এম আৰৰ পঞ্চমখন বিতং প্ৰতিবেদন৷ আই চি এম আৰৰ মতে ই-কলাইৰ সংক্ৰমণৰ চিকিৎসা কৰিবলৈ ব্যৱহাৰ কৰা ইমিপেনেমৰ ৰেজিষ্টেন্স ২০১৬ চনত আছিল ১৪  শতাংশ, কিন্তু ২০২১ চনত ৩৬ শতাংশলৈ বৃদ্ধি পালে৷ আনহাতে নিউমোনিয়াত ব্যৱহাৰ কৰা ক্লেবছিয়েল্লাৰ ৰেজিষ্টেন্স উন্নত হৈছে৷ ২০১৬ চনত এই ঔষধৰ ৰেজিষ্টেন্স আছিল ৬৫ শতাংশ আৰু ২০২১ চনত ৪৫ শতাংশলৈ কমে৷ ডাঃ ৱালিয়াই কয় যে ক’ভিড-১৯ মহামাৰীৰ সময়ত এণ্টিফাংগেল ঔষধৰ ব্যৱহাৰ বেছি হৈছিল৷ এণ্টিফাংগেল ঔষধৰ ৰেজিষ্টেন্সো বাঢ়িছে৷ অৰ্থাৎ মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা নোহোৱা হৈছে৷ তেওঁ কয় যে জধে-মধে এণ্টিবায়’টিক ব্যৱহাৰ কৰিলে পৰিণাম ভয়াৱহ হ’ব৷

Most Popular

বেদতে আছিল বিজ্ঞানৰ সমস্ত সূত্ৰতোলপাৰ লগাইছে এই দাবীয়ে

বিজ্ঞানৰ সমস্ত সূত্ৰ বেদতে আছিল৷ এই দাবী কৰিছে ইছৰ’ৰ অধ্যক্ষ এছ সোমনাথে৷ ভাৰতৰ মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ৰ অধ্যক্ষ সোমনাথে কোৱা মতে...

প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰপৰাপৃথিৱীলৈ এলিয়েন ছিগ্‌নেল প্ৰেৰণ

পৃথিৱীৰ বাহিৰতো আন জীৱৰ সন্ধান অব্যাহত থকা অৱস্থাত প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰ পৰা পৃথিৱীলৈ মহাবিশ্বৰ এটা সংকেত প্ৰেৰণ কৰা হৈছে৷ আন...

সুখবৰ : ডায়েবেটিছৰ বাবে বিশ্বৰ প্ৰথম অৰেল ইনছুলিন উদ্ভাৱন

বৰ্তমান বিশ্বত ডায়েবেটিছ ৰোগে ভয়াৱহভাৱে দেখা দিছে৷ অনিয়মীয়া খাদ্য গ্ৰহণ, দৈনন্দিন জীৱন প্ৰণালীৰ সালসলনি, আৰামপ্ৰিয় জীৱন, পৰিশ্ৰমহীন কৰ্ম, খাদ্য সামগ্ৰী ভেজালকৰণ ইয়াৰ...

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,