বৰ্ধিত মিছন ৰামধেনু আঁচনিৰ শুভাৰম্ভ

0
847
ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে যোৱা ৭ জুলাইৰ পৰা ৰাজ্যৰ শিশু আৰু গৰ্ভৱতী মহিলাসকলক কেইবাটাও গুৰুতৰ ৰোগৰ পৰা সুৰক্ষিত ৰখাৰ বাবে বৰ্ধিত মিছন ৰামধেনু নামেৰে এক বিশেষ টিকাকৰণ অভিযানৰ শুভাৰম্ভ কৰে৷ গুৱাহাটীস্থিত মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত যোৱা ৭ জুলাইত ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই এই আঁচনিখন শুভাৰম্ভ কৰে৷ এই অভিযানৰ অধীনত যক্ষ্মা, কলেৰা, হেপাটাইটিছ-B, পলিঅ’, জাপানীজ এনকেফেলাইটিছ, সৰু আই, ডায়েৰিয়া, নিউম’নিয়া, ৰুবেলা, ৰোটা ভাইৰাছ আদিকে ধৰি মুঠ ১৩টা ৰোগৰ পৰা সুৰক্ষিত কৰি ৰখাৰ বাবে টিকাকৰণ কৰা হ’ব৷ এই টিকাকৰণ মুঠ তিনিটা পৰ্যায়ত দিয়া হ’ব৷ সেই অনুসৰি ৭ জুলাইৰ পৰা ১৩ জুলাইলৈ প্ৰথমটো পৰ্যায়ত শিশু আৰু মহিলাসকলক টিকাকৰণ কৰা হ’ব৷ দ্বিতীয় পৰ্যায়ত ৭ আগষ্টৰ পৰা ১৩ আগষ্টলৈ আৰু ৭ ছেপ্টেম্বৰৰ পৰা ১৩ ছেপ্টেম্বৰলৈ তৃতীয় পৰ্যায়ত শিশু আৰু মহিসাসকলক টিকাকৰণ প্ৰদান কৰিব বুলি লক্ষ্য স্থিৰ কৰা হৈছে৷

আনহাতে মুঠ ১.১৮ লাখ শিশুক এই অভিযানৰ জৰিয়তে টিকাকৰণ কৰা হ’ব বুলিও জনায় স্বাস্থ্য বিভাগে৷ ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল, জিলা আৰু মহকুমা অসামৰিক চিকিৎসালয়, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰকে ধৰি মুঠ ৪৭৪১টা কেন্দ্ৰত এই বিশেষ টিকাকৰণ কেন্দ্ৰ অনুষ্ঠিত হ’ব৷ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ৰাজ্যৰ প্ৰতিটো স্থানতে যাতে এই টিকাকৰণ উপলব্ধ হয়, তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে৷ তেওঁ প্ৰত্যেকগৰাকী গৰ্ভৱতী মহিলা আৰু দুবছৰৰ তলৰ শিশুক এই ভেকচিন প্ৰদান কৰিবলৈ আহ্বান জনাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here