বিৰল কৰ্কট ৰোগৰ সফল অস্ত্ৰোপচাৰ সম্পন্ন

0
362
সমগ্ৰ বিশ্বতে দুশতকৈও কম চিনাক্ত হোৱা মহিলাৰ জৰায়ুৰ এক বিৰল কৰ্কট ৰোগৰ  সফল অস্ত্ৰোপচাৰ কৰিলে হেল্‌থ চিটি হস্পিটেলে৷ জৰায়ুৰ প্ৰাইমেৰী পেৰিফেৰিয়েল টি চে’ল লিমফ’মা নামৰ এই কৰ্কট ৰোগৰ অস্ত্ৰোপচাৰ কৰে ৰজঃনিবৃত্তি ঘটা এগৰাকী ৫৫ বছৰ বয়সীয়া মহিলাৰ৷ এই অস্ত্ৰোপচাৰ কৰি হস্পিটেলৰ জ্যেষ্ঠ কেঞ্চাৰ শল্য চিকিৎসা বিশেষজ্ঞ ডাঃ পংকজ ডেকাই কয় যে এই  ৰোগবিধ প্ৰাথমিকভাৱে লসিকা গ্ৰন্থিত হোৱা তেজৰ কৰ্কট ৰোগ৷ এই ৰোগবিধ মহিলাগৰাকীৰ জৰায়ুত হৈছিল৷ দ্ৰুত শৰীৰৰ আন অংশলৈ বিয়পিব পৰা এই ৰোগ যথা সময়ত অস্ত্ৰোপচাৰ নকৰিলে ৰোগীৰ জীৱনলৈ সংকট নামিব পাৰে৷ অস্ত্ৰোপচাৰত ৰোগীগৰাকীৰ জৰায়ু আৰু জৰায়ুৰ প্ৰায় ২.৩ কিল’গ্ৰাম ওজনৰ টিউমাৰ আৰু কেঞ্চাৰ বিয়পি পৰা স্থানসমূহ গুচাই দিয়া হয়৷ অস্ত্ৰোপচাৰত ডাঃ ডেকাক প্ৰসূতিৰোগ বিশেষজ্ঞ ডাঃ কল্পনা চৌধুৰীয়ে সহযোগিতা আগবঢ়ায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here