উজনিত HIV-ৰ ভয়াৱহ সংক্ৰমণ

0
353
উজনি অসমকে ধৰি ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে অৱস্থিত লখিমপুৰ আৰু ধেমাজি জিলাত বিগত দুবছৰত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে HIV ৰোগীৰ সংখ্যা– যাক কোৱা হয় হিউমেন ইমিউন’ ডেফিচিয়েঞ্চি ভাইৰাছ বুলি৷ চৰকাৰী তথ্যতে বিগত দুবছৰত ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ, শিৱসাগৰ, গোলাঘাট, ধেমাজি আৰু লখিমপুৰৰ ৩২৩গৰাকী লোক HIV-ত আক্ৰান্ত হৈছে৷ মূলতঃ ড্ৰাগ্‌ছ সেৱনত বহুজনৰ সৈতে একেটা ছিৰিঞ্জ ব্যৱহাৰ, অসুৰক্ষিত যৌন সম্পৰ্কৰ বাবে এই জিলাসমূহত এনে ৰোগৰ সংক্ৰমণ বৃদ্ধি পাইছে৷ বিশেষকৈ উল্লিখিত জিলাসমূহত পূৰ্বে যি হাৰত ড্ৰাগ্‌ছৰ বেহা চলিছিল তাৰ পৰিপ্ৰেক্ষিততে HIV ৰোগীৰ সংখ্যা বেচৰকাৰী তথ্যত আৰু অধিক হ’ব বুলি ধাৰণা কৰা হৈছে৷ অসম চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলৰ অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙীয়াই দিয়া তথ্য মতে বিগত দুবছৰত চিকিৎসাধীন অৱস্থাত ৩৮গৰাকীৰ মৃত্যু হৈছে৷ তেওঁ জনোৱা মতে, ২০১৯-২০ বৰ্ষত ১৮০গৰাকী HIV-ত আক্ৰান্ত হৈছিল৷ ইয়াৰে ১০৬গৰাকী পুৰুষ, ৬৩গৰাকী মহিলা, এগৰাকী ট্ৰাইজেণ্ডাৰ আৰু ১০টা শিশু৷ আনহাতে ২০২০-২১ বৰ্ষত ১৪৩গৰাকী আক্ৰান্ত হৈছে৷ ইয়াৰে ৮০গৰাকী পুৰুষ, ৫৪গৰাকী মহিলা আৰু ৩টা শিশু আছে৷ আক্ৰান্তসকলক এণ্টিৰেট্ৰ’ ভাইৰেল থেৰাপী অৰ্থাৎ ART-ৰ চিকিৎসা প্ৰদান কৰা হয় যদিও বহু আক্ৰান্তই পৰৱৰ্তী সময়ত ঔষধৰ প্ৰতি অনীহা প্ৰকাশ কৰি নিজৰ জীৱনলৈ অন্ধকাৰ নমাই আনে বুলি ডাঃ দিহিঙীয়াই জানিবলৈ দিয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here