Home Daily news বিষাক্ত পাৰ্থেনিয়ামেৰে ভৰিছে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰ

বিষাক্ত পাৰ্থেনিয়ামেৰে ভৰিছে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰ

নগাঁও জিলাৰ ৰহাত দিনক দিনে বৃদ্ধি পাইছে বিদেশী উদ্ভিদ পাৰ্থেনিয়ামৰ৷ ৰাস্তা-ঘাটৰ পৰা বৰ্তমান পথাৰৰ কৃষিভূমিলৈ বিস্তাৰিত হৈছে৷ ইয়াৰ উপকাৰ বা অপকাৰ কি হয়তো চহা গ্ৰামাঞ্চলৰ কৃষকসকলৰ লগতে বহুতে জ্ঞাত নহয়, কিন্তু এই উদ্ভিদবিধৰ বিষয়ে ভালদৰে জানিলে হয়তো আপোনাৰো চকু কপালত উঠিব৷ 
৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰ আৰু পথৰ দাঁতিত নাৰ্জী ফুলৰ পাতৰ দৰে দেখাত আৰু বগা ৰঙৰ ফুল থকা উদ্ভিদবোৰ নাম পাৰ্থেনিয়াম৷ জানিব পৰা মতে, এই উদ্ভিদবিধৰ বৈজ্ঞানিক নাম ‘পাৰ্থেনিয়াম হাইড্ৰফ’ৰাছ’৷ প্ৰাপ্ত তথ্য মতে, উত্তৰ আমেৰিকাত আৱিষ্কৃত পাৰ্থেনিয়াম নামৰ এইবিধ উদ্ভিদ অতি বিষাক্ত৷ 
কিন্তু শেহতীয়াকৈ ভাৰতবৰ্ষৰ বিভিন্ন ঠাই, চুবুৰীয়া বাংলাদেশতো ব্যাপকভাৱে বংশ বৃদ্ধি হৈ মানৱ জাতিৰ লগতে তৃণভোজী জন্তুবোৰলৈ অশনি সংকেত কঢ়িয়াই আনিছে৷ তথ্যটোত উল্লেখ অনুসৰি পাৰ্থেনিয়াম নামৰ এইবিধ উদ্ভিদ ভাৰতবৰ্ষৰ দহবিধ বিষাক্ত উদ্ভিদৰ ভিতৰত অন্যতম৷ পাৰ্থেনিয়াম উদ্ভিদৰ পৰা গৰু, ছাগলী, ভেড়া আদিৰ বদহজম, শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হয় আৰু মৃত্যুপৰ্যন্ত হ’ব পাৰে৷ লগতে মানৱ শৰীৰত খজুৱতি, এলাৰ্জী, হাঁপানী ইত্যাদি ৰোগো সৃষ্টি কৰে৷
ইয়াক পুৰি পেলোৱাৰ বাহিৰে বংশ বৃদ্ধি ৰোধ কৰিব নোৱাৰি বুলিও উল্লেখ তথ্যটোত৷ এনেবোৰ বিষাক্ত গুণেৰে পৰিপূৰ্ণ পাৰ্থেনিয়াম উদ্ভিদৰ বৰ্তমান বংশ বৃদ্ধিয়ে ৰহা-নগাঁৱৰ ৰাইজৰ মাজত উদ্বেগ সৃষ্টি কৰিছে৷ ৰহাৰ স্থানীয় একাংশ কৃষকে খেতিপথাৰত এইবিধ উদ্ভিদৰ বংশ বৃদ্ধি অতি দ্ৰুত বুলিও মন্তব্য কৰিছে৷ ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰত সেউজীয়া দলিচাৰ দৰে গজি উঠা বিষাক্ত পাৰ্থেনিয়ামক ধ্বংস কৰা বা পথৰ পৰা চাফা কৰাৰ ব্যৱস্থা ৰাজ্যৰ কৃষি বিভাগে গ্ৰহণ কৰা উচিত৷

Most Popular

চাহৰ সৈতে বিস্কুট কিমান স্বাস্থ্যকৰ ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

চাহৰ সৈতে বিস্কুটকিমান স্বাস্থ্যকৰ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

স্বৰ্গ-মৰ্ত্যৰ মাজৰ এই উপত্যকা!য’ত সময়ো থমকি ৰৈছে

ছাংগ্ৰিলা উপত্যকা– সঁচাকৈয়ে কি আছে এই ৰহস্যময় উপত্যকাত৷ ইয়াক লৈ বিভিন্ন সময়ত নানা প্ৰশ্নৰ উদয় হৈছে৷ ইয়াৰ ৰহস্য...

ভূপৃষ্ঠত সূৰ্যৰ উৎপত্তিৰ আগতেই পানী আছিল : কোনে ক’লে?

বিশ্বব্ৰহ্মাণ্ডত নক্ষত্ৰ সৃষ্টি হোৱাৰ আগৰে পৰাই পানী আছিল৷ বিজ্ঞানীসকলে ইয়াৰ তথ্য লাভ কৰিছে৷ উল্লেখ্য যে বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডত প্ৰথমে নক্ষত্ৰ, পানী, পৃথিৱী নে...