কলৰ বাকলি পেলাই নিদিব আছে ইয়াৰ অসাধাৰণ গুণ

0
312

কলক ফলৰ ৰজা বুলি কোৱা হয়৷ কল এবিধ পুষ্টিকৰ খাদ্য আৰু কলে আমাৰ শৰীৰৰ বিভিন্ন উপকাৰ সাধন কৰে৷ সাধাৰণতে কল পকা অথবা কেঁচা দুইধৰণেৰে খোৱা হয়৷ পকা কল খাই আমি ইয়াৰ বাকলি কোনো সংকোচবোধ নকৰাকৈয়ে পেলাই দিওঁ৷ কিন্তু এতিয়াৰ পৰা সাৱধান হওক৷ কল খাই বাকলিটো পেলাই নিদিব৷ কল যেনেদৰে পুষ্টিকৰ খাদ্য, একেদৰে ইয়াৰ বাকলিৰো আছে অসাধাৰণ গুণ৷ জানো আহক ঘৰুৱাভাৱে কলৰ বাকলিয়ে আমাক কিদৰে সহায় কৰে৷
মাংস ৰন্ধাৰ আগেয়ে কলৰ বাকলি দি আধা ঘণ্টামান মেৰিনেট কৰি ৰাখক৷ দেখিব মাংসখিনি নৰম হৈ গৈছে৷
জোতা পলিচ কৰাত কলৰ বাকলি ব্যৱহাৰ কৰিব পাৰি৷ এক টুকুৰা কলৰ বাকলি লৈ জোতাৰ চামৰাত ভালদৰে ঘঁহি দিয়ক৷ দেখিব জোতাযোৰ চকচকীয়া হৈ পৰিছে৷
বহুদিন ব্যৱহাৰ হৈ নথকা ৰূপ গহনা উজ্জ্বলতা নোহোৱা হয়৷ পুনৰ উজ্জ্বলতা ঘূৰাই আনিবলৈ কলৰ বাকলিৰে গহনাখিনি ভালদৰে ঘঁহি দিয়ক৷ কিছুসময় ঘঁহাৰ পাছত পানীৰে ধুই দিলে দেখিব ৰূপৰ গহনাখিনিয়ে আগৰ উজ্জ্বলতা ঘূৰাই পাইছে৷
কল খাই বাকলিখিনি এডোখৰ ঠাইত সংৰক্ষণ কৰক৷ এই বাকলিৰ অংশখিনিৰ সৰু সৰু টুকুৰা কৰি বাগিচাৰ ফল- ফুল আদিত গুৰিত দিলে ইয়ে সাৰৰ কাম কৰিব৷ এইবোৰ বাকলিৰ পৰা মিথেন গেছ উৎপন্ন হৈ গছৰ বৃদ্ধিত সহায় কৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here