Home Daily news বিশ্বমানৰ হ’ব মানসিক স্বাস্থ্যৰ ৰাষ্ট্ৰীয় হোমিওপেথি গৱেষণা প্ৰতিষ্ঠান

বিশ্বমানৰ হ’ব মানসিক স্বাস্থ্যৰ ৰাষ্ট্ৰীয় হোমিওপেথি গৱেষণা প্ৰতিষ্ঠান

কেৰালাৰ কোট্টায়ামস্থিত মানসিক স্বাস্থ্যৰ ৰাষ্ট্ৰীয় হোমিওপেথি গৱেষণা প্ৰতিষ্ঠানৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় আয়ুষ তথা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিষ্ঠানখনৰ স্নাতকোত্তৰ শিক্ষাৰ্থীসকলৰ বাবে হোষ্টেল ব্লক উদ্বোধন কৰে৷ এই প্ৰতিষ্ঠানখনক মানসিক স্বাস্থ্যৰ উৎকৰ্ষ কেন্দ্ৰ হিচাপে উন্নীত কৰাৰ কথা তেওঁ ঘোষণা কৰে৷ আয়ুষ মন্ত্ৰ্যালয়ে প্ৰতিষ্ঠানখনক মানসিক স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত এক বিশ্বমানৰ প্ৰতিষ্ঠানলৈ ৰূপান্তৰিত কৰিবৰ বাবে ২০০ কোটি টকা ধাৰ্য কৰিছে৷  সোণোৱালে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবল নেতৃত্বত আয়ুষ ব্যৱস্থাৰ গুৰুত্ব দেশৰ স্বাস্থ্য সেৱাত যথেষ্ট বৃদ্ধি পাইছে৷ 
প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী হৈছে আমাৰ সমৃদ্ধ পৰম্পৰাগত ঔষধি আৰু চিকিৎসা প্ৰণালীসমূহক উজ্জীৱিত কৰি তোলা যাতে আমি আমাৰ পৰম্পৰাগত স্বাস্থ্য সেৱা প্ৰণালীক কেৱল ৰোগ নিৰাময় প্ৰণালী হিচাপেই নহয়, মানৱতাৰ কল্যাণ সাধনৰ প্ৰণালীৰূপে সজ্জিত কৰি তুলিব পাৰোঁ৷ তেওঁ লগতে কয় যে আয়ুষ মন্ত্ৰ্যালয়ে মানসিক স্বাস্থ্যৰ ৰাষ্ট্ৰীয় হোমিওপেথি গৱেষণা প্ৰতিষ্ঠানক উৎকৃষ্টতাৰ কেন্দ্ৰ হিচাপে বিকাশৰ বাবে সকলোধৰণৰ সহযোগিতা আগবঢ়াব৷ শিক্ষণ বিকাৰ, অটিজম, এ ডি এইচ ডি আদি মাদকদ্ৰব্য আৰু সুৰাৰ আসক্তি, আত্মহত্যা প্ৰতিৰোধ ইত্যাদিৰ ক্ষেত্ৰত বিদ্যালয় স্বাস্থ্য কাৰ্যসূচীৰ জৰিয়তে শিশু আৰু কিশোৰৰ মনোৰোগ বিজ্ঞানৰ দৰে গুৰুত্বপূৰ্ণ ক্ষেত্ৰত অধিক গুৰুত্ব দিবলৈ প্ৰতিষ্ঠানখনক তেওঁ আহবান জনায়৷ উল্লেখ্য যে মানসিক স্বাস্থ্যৰ ৰাষ্ট্ৰীয় হোমিওপেথি গৱেষণা প্ৰতিষ্ঠানৰ দ্বাৰা স্থানীয় কুৰিচী গাঁও পঞ্চায়তক হোমিওপেথি হাব তথা আদৰ্শ গাঁও হিচাপে বিকশিত কৰা হ’ব৷ আনহাতে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ্থীৰ বাবে প্ৰশিক্ষণৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ প্ৰতিষ্ঠানখনত আন্তঃৰাষ্ট্ৰীয় হোমিওপেথি প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰিব আয়ুষ মন্ত্ৰ্যালয়ে৷

Most Popular

চাহৰ সৈতে বিস্কুট কিমান স্বাস্থ্যকৰ ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

চাহৰ সৈতে বিস্কুটকিমান স্বাস্থ্যকৰ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

স্বৰ্গ-মৰ্ত্যৰ মাজৰ এই উপত্যকা!য’ত সময়ো থমকি ৰৈছে

ছাংগ্ৰিলা উপত্যকা– সঁচাকৈয়ে কি আছে এই ৰহস্যময় উপত্যকাত৷ ইয়াক লৈ বিভিন্ন সময়ত নানা প্ৰশ্নৰ উদয় হৈছে৷ ইয়াৰ ৰহস্য...

ভূপৃষ্ঠত সূৰ্যৰ উৎপত্তিৰ আগতেই পানী আছিল : কোনে ক’লে?

বিশ্বব্ৰহ্মাণ্ডত নক্ষত্ৰ সৃষ্টি হোৱাৰ আগৰে পৰাই পানী আছিল৷ বিজ্ঞানীসকলে ইয়াৰ তথ্য লাভ কৰিছে৷ উল্লেখ্য যে বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডত প্ৰথমে নক্ষত্ৰ, পানী, পৃথিৱী নে...