ভাল খবৰ : ৰক্ত উপাদান পৃথকীকৰণ কেন্দ্ৰ উদ্বোধন : ক’ত?

0
211

স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই লখিমপুৰ মেডিকেল কলেজ হস্পিটেলত ‘ৰক্ত উপাদান পৃথকীকৰণ কেন্দ্ৰ’ উদ্বোধন কৰে৷ এই কাৰ্যসূচীত ভাগ লৈ স্বাস্থ্য মন্ত্ৰীজনে আগন্তুক মাহত ধেমাজি মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰা হ’ব বুলি  কয়৷ তেওঁ মুখ্যমন্ত্ৰীয়ে যেতিয়াই ইচ্ছা কৰে তেতিয়াই ধেমাজি মেডিকেল কলেজৰ আধাৰশিলা স্থাপনৰ বাবে ৰাজ্য চৰকাৰ সাজু বুলিও কয় মন্ত্ৰীয়ে৷ নগাঁও, নলবাৰী, দৰং জিলাতো আজিয়েই ৰক্ত উৎপাদন পৃথকীকৰণ কেন্দ্ৰ উদ্বোধন কৰা হৈছে বুলি তেওঁ উল্লেখ কৰি লখিমপুৰবাসীলৈ আৰু এটা ভাল খবৰ আছে বুলি মন্তব্য কৰি  লখিমপুৰকে ধৰি ৰাজ্যৰ আৰু ৬ ঠাইত ছুপাৰ স্পেচিয়েলিটি হস্পিটেল লাভ কৰিব বুলি কয়৷ আনহাতে  স্বাস্থ্য খণ্ডৰ উন্নয়নৰ বাবে শিক্ষাৰ গুণোৎসৱৰ দৰে স্বাস্থ্য খণ্ডটো হ’ব স্বাস্থে্যাৎসৱ, বুলি  স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here