বিবাহিত জীৱনত সুখীথাকিবলৈ এইবোৰ সহজ উপায়

0
172


সকলো ল’ৰা-ছোৱালীৰে জীৱনক লৈ এটা সপোন থাকে৷ পঢ়া-শুনা কৰি ডাঙৰ মানুহ হোৱাৰ, পৰৱৰ্তী সময়ত বিয়া-বাৰু কৰাই এখন সুখী-সুন্দৰ ঘৰৰ গৰাকী হৈ জীৱনটো অতিবাহিত কৰাৰ৷ এই সপোন লৈয়ে জীৱন আগবঢ়াই নিয়ে৷ সুখ, শান্তি আৰু ৰোমাঞ্চেৰে ভৰপূৰ দাম্পত্য জীৱন সকলোৱে কাম্য৷ প্ৰতিগৰাকী নাৰী আৰু পুৰুষ বিবাহৰ বান্ধোনত আবদ্ধ হয় সুখী হোৱাৰ সপোন দেখি৷ দাম্পত্য জীৱনত সুখী মানেই আপোনাৰ মানৱ জীৱন সাৰ্থক হোৱা যেন বোধ হয়৷ কিয়নো ইয়াতেই জীৱন উত্থান-পতনৰ হিচাপ থাকে৷ সাংসাৰিকভাৱে অসুখী বা ৰুগীয়া মানুহে কোনো কামতে মন বহুৱাব নোৱাৰে আৰু তেনে মানুহে গোটেই জীৱন অশান্তি, অবিশ্বাসৰ মাজেৰে জীৱন নিয়াবলগীয়া হয়৷ সামান্য ঘটনাক লৈয়ে সিৃষ্ট হ’ব পাৰে অন্তঃকন্দল বা ভুল বুজাবুজি, যিয়ে অশান্তিৰ মূল কাৰক হিচাপে দেখা দিয়ে৷ সেয়েহে বৈবাহিক তথা দাম্পত্য জীৱনত সুখী হ’বলৈ হ’লে বহু এৰা-ধৰাৰ মাজেৰে পাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়৷ দাম্পত্য জীৱনত সুখী হ’বলৈ সেয়েহে এইবোৰ উপায় অৱলম্বন কৰাটো জৰুৰী, যিয়ে আপোনাক সুখী কৰিব পাৰে৷
প্ৰায় ক্ষেত্ৰত দেখা যায় যে পত্নী বা পতিৰ উপাৰ্জনৰ ক্ষেত্ৰত সমানে নকৰে৷ অৰ্থাৎ পতিয়ে যদি উপাৰ্জনকাৰী হয় পত্নী উপাৰ্জন নকৰে বা কেতিয়াবা পত্নীগৰাকী উপাৰ্জনকাৰী হ’লে পতি এনেয়ে থাকে৷ আকৌ কেতিয়াবা পত্নী বা পতিৰ উপাৰ্জন সমান নহয় আদি৷ সেয়ে আপুনি সংগী বা সংগিনীক সঘনাই দামী উপহাৰ দিয়ে, আনগৰাকীয়েও যে দামী উপহাৰ দিব পাৰিব, তাৰ কোনো মানেই নাই৷ এনে ক্ষেত্ৰত পতি-পত্নীৰ মাজত বহু সময়ত ভুল বুজাবুজিৰ সৃষ্টি হ’ব পাৰে৷ সেয়েহে সঘনাই দামী উপহাৰ দিয়াৰ পৰা বিৰত থকাই উত্তম পন্থা৷
কোনো বিপদ বা সমস্যাত পৰিলে আপুনিয়েই যে তেওঁৰ একমাত্ৰ অৱলম্বন বা ৰক্ষাকৰ্তা, সেই ধাৰণা সলনি কৰক৷ কিয়নো এনে ধাৰণাৰ ফলত দুয়োগৰাকীৰ স্বাৱলম্বী মনোভাব বিনষ্ট হ’ব পাৰে৷ পৰাপক্ষত স্বনিৰ্ভৰ হ’বলৈ যত্ন কৰক৷ সৰু সুৰা কথাতে এইজনে সিজনৰ ওপৰত নিৰ্ভৰ কৰাৰ মনোভাব দূৰ কৰক৷ অৱশ্যে ডাঙৰ বিপদৰ ক্ষেত্ৰত ইয়াৰ সম্পূৰ্ণ বিপৰীতে কাম কৰক৷ তেনে সময়ত আপুনি অনৱৰতে তেওঁৰ লগত লাগি থকাৰ চেষ্টা কৰি বিপদৰ পৰা উদ্ধাৰ কৰক৷
দেখা সৰু হ’লেও এটা বিশেষ কথালৈ মন কৰিব৷ দুয়োজনে একেলগে কৰ’বালৈ যাবলগীয়া হ’লে সদায় দেৰি কৰাৰ অভ্যাস এৰাই চলক৷ এই কুঅভ্যাসৰ ফলত উভয়ৰ মাজত ক’ব নোৱৰাকৈয়ে এক তিক্ততাৰ সৃষ্টি হ’ব আৰু ইয়ে দাম্পত্য জীৱনতো প্ৰভাৱ পেলাব পাৰে৷
নিতান্তই প্ৰয়োজন নহ’লে আপু্‌নি সংগী বা সংগিনীৰ কাৰণে আপোনাৰ নিজৰ পেছাগত জীৱনত কোনো ক্ষতি নকৰিব৷ ইয়াৰ অন্যথা আপোনাৰ আত্মমৰ্যাদা ক্ষুণ্ণ বা হানি হ’ব পাৰে৷
আপোনাৰ স্বভাৱেই হওক বা সাজপোছাক যিয়েই হওক জোৰ কৰি সলনি কৰিবলৈ চেষ্টা বা বাধ্য নকৰাব৷ বুজাই-বঢ়াই সৈমান কৰোৱাটো বেলেগ কথা৷ মনত ৰাখিব জোৰ-জৱৰদস্তি কৰা কোনো কামৰ ক্ষেত্ৰতে দীৰ্ঘস্থায়ী নহয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here