Home Daily news বিজ্ঞান আৰু জ্যোতিষশাস্ত্ৰ একাকাৰ অতি জনপ্ৰিয় হৈছে ষ্টাৰ্টআপ

বিজ্ঞান আৰু জ্যোতিষশাস্ত্ৰ একাকাৰ অতি জনপ্ৰিয় হৈছে ষ্টাৰ্টআপ

মানৱ জাতিৰ ওপৰত চলি অহা পৰম্পৰাগতভাৱে চলি অহা ধৰ্মীয় বিশ্বাসক আধুনিক বিজ্ঞানে প্ৰভাৱ বিস্তাৰ কৰিছে যদিও কিন্তু মানুহৰ মাজত সোমাই পৰা কিন্তু অবৈজ্ঞানিক ধাৰণাক আঁতৰ কৰিব পৰা নাই৷ 
আধুনিক বিজ্ঞানৰ সকলো সা-সুবিধা গ্ৰহণ কৰিও যেন কিছুমান পুৰণিকলীয়া ধ্যান-ধাৰণাক এতিয়াও খামোচ মাৰি ধৰি আছে মানৱ সমাজে৷ মানুহ অতীত-বৰ্তমান আৰু ভৱিষ্যতৰ ধাৰণা দিব পৰা বুলি ভবা জ্যোতিষশাস্ত্ৰই চলাই অহা প্ৰচাৰ মানুহে এতিয়াও এৰি দিব পৰা নাই৷
বৰ্তমান সময়ত যেন বিজ্ঞান আৰু ধৰ্মায় বিশ্বাস যেনে জ্যোতিষশাস্ত্ৰ, বাস্তুশাস্ত্ৰ, কিছুমান পুৰণি ৰীতি-নীতি আদি একাকাৰ হৈ চলি আহিছে৷ জ্যোতিষ ষ্টাৰ্টআপ এটাই মানুহৰ ভৱিষ্যতটো নিৰূপণ কৰাৰ তথ্যই ব্যাপক চৰ্চা লাভ কৰিছে৷ 
মানুহৰ অৱচেতন মনৰ ধাৰণাক লৈ একপ্ৰকাৰ ব্যৱসায় আৰম্ভ কৰিছে এই ষ্টাৰ্টআপসমূহে৷ জীৱন-পথত আগবাঢ়ি যাওঁতে পোৱা বাধাসমূহ সমাধান কৰাৰ লগতে ভৱিষ্যতটো সৰ্বাংগসুন্দৰ কৰাৰ আশাত ব্যস্ত এই ষ্টাৰ্টআপসমূহে বয়োজ্যেষ্ঠ লোকৰ মাজতে অধিক জনপ্ৰিয় যদিও শেহতীয়াকৈ যুৱপ্ৰজন্মৰ মাজতো এই ষ্টাৰ্টআপসমূহে অধিক জনপ্ৰিয়তা লাভ কৰিছে৷ 
দেশৰ জনপ্ৰিয় ষ্টাৰ্টআপসমূহ ভিতৰত অন্যতম হ’ল এষ্ট˜’টক৷ শেহতীয়া খবৰ মতে এই ষ্টাৰ্টআপটোৱে প্ৰতিদিনে ৪১ লাখ টকাকে উপাৰ্জন কৰিছে৷ 
মন কৰিবলগীয়া কথা এয়ে যে এই ষ্টাৰ্টআপটোৰ সহায় লোৱা লোকৰ সংখ্যা দৈনিক অস্বাভাৱিক হাৰত বৃদ্ধি হৈ গৈ আছে৷ প্ৰতিমাহেই এই ষ্টাৰ্টআপটোত ২০ শতাংশকৈ গ্ৰাহকৰ সংখ্যা বৃদ্ধি পাইছে৷ 
এই ষ্টাৰ্টআপটোৰ জৰিয়তে ২১ বছৰৰ পৰা ৩৫ বছৰৰ যুৱচামেৰ প্ৰায় ৩০ শতাংশই নিজৰ কেৰিয়াৰ সম্পৰ্কে জানিবলৈ আগ্ৰহ প্ৰকাশ কৰাৰ লগতে ৬০ শতাংশই প্ৰেম সম্পৰ্কে বা বিবাহ সম্বন্ধে, ১০ শতাংশই নিজৰ স্বাস্থ্য, ধন-সম্পত্তিৰ বিষয়ে জানিবলৈ আগ্ৰহ প্ৰকাশ কৰে৷

Most Popular

বেদতে আছিল বিজ্ঞানৰ সমস্ত সূত্ৰতোলপাৰ লগাইছে এই দাবীয়ে

বিজ্ঞানৰ সমস্ত সূত্ৰ বেদতে আছিল৷ এই দাবী কৰিছে ইছৰ’ৰ অধ্যক্ষ এছ সোমনাথে৷ ভাৰতৰ মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ৰ অধ্যক্ষ সোমনাথে কোৱা মতে...

প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰপৰাপৃথিৱীলৈ এলিয়েন ছিগ্‌নেল প্ৰেৰণ

পৃথিৱীৰ বাহিৰতো আন জীৱৰ সন্ধান অব্যাহত থকা অৱস্থাত প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰ পৰা পৃথিৱীলৈ মহাবিশ্বৰ এটা সংকেত প্ৰেৰণ কৰা হৈছে৷ আন...

সুখবৰ : ডায়েবেটিছৰ বাবে বিশ্বৰ প্ৰথম অৰেল ইনছুলিন উদ্ভাৱন

বৰ্তমান বিশ্বত ডায়েবেটিছ ৰোগে ভয়াৱহভাৱে দেখা দিছে৷ অনিয়মীয়া খাদ্য গ্ৰহণ, দৈনন্দিন জীৱন প্ৰণালীৰ সালসলনি, আৰামপ্ৰিয় জীৱন, পৰিশ্ৰমহীন কৰ্ম, খাদ্য সামগ্ৰী ভেজালকৰণ ইয়াৰ...

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,