ৰাজ্যত এতিয়া ইথানল মিশ্ৰিত পেট্ৰল

0
320

ৰাজ্যৰ এতিয়া পেট্ৰল পাম্পসমূহত ইথানল মিহলি পেট্ৰল বিক্ৰী কৰি থকা হৈছে৷ ইফালে ৰাজ্যৰ প্ৰায়সংখ্যক পেট্ৰল পাম্পতে ইথানল মিহলি নকৰা সাধাৰণ পেট্ৰল ক্ৰমাৎ নোহোৱা হৈ পৰিছে৷ যাৰ ফলত গ্ৰাহকসকলে ইথানল মিহলি পেট্ৰলকে ক্ৰয় কৰিবলৈ বাধ্য হৈছে৷ মন কৰিবলগীয়া কথা যে ইথানল মিহলি পেট্ৰল ভৰোৱাৰ ফলত বাহনসমূহৰ ‘মাইলেজ’ হ্ৰাস পোৱা বুলিও বহুসংখ্যক লোকে অভিযোগ উত্থাপন কৰিছে৷ একেদৰে ইথানল মিহলি পেট্ৰল  দীৰ্ঘদিন ব্যৱহাৰ কৰাৰ ফলত অসমৰ জলবায়ুত পুৰণি বাহনসমূহৰ ইঞ্জিন ক্ষতি হোৱাৰ সম্ভাৱনাৰ কথাও ব্যক্ত কৰিছে একাংশ লোকে৷ আনকি পেট্ৰলত যে দহ শতাংশ ইথানল মিহলি কৰা হৈছে সেই সন্দৰ্ভতো কোনোধৰণৰ প্ৰচাৰ চলোৱা হোৱা নাই৷  সকলোতকৈ ডাঙৰ কথা যে ভাৰতত এতিয়াও ইথানল মিহলি ইন্ধনেৰে চলা গাডী. নিৰ্মাণ হোৱা নাই৷ সেয়েহে বিশেষজ্ঞসকলে কেন্দ্ৰীয় চৰকাৰক পৰ্যায়ক্ৰমে ২০২৫ চনৰ ভিতৰত ১০ শতাংশ আৰু ২০৩০ চনৰ ভিতৰত ২০ শতাংশলৈ  ইথানলৰ মাত্ৰা বৃদ্ধি কৰাৰ লগতে ইথানল মিহলি ইন্ধনৰ উপযোগী গাড়ীৰ ইঞ্জিন নিৰ্মাণ কৰাৰ বাবে পৰামৰ্শ দিছিল৷ কিন্তু এই পৰাৰ্মশক কোনো গুৰুত্বই দিয়া নহ’ল৷ যাৰ ফলত অনাগত দিনত ভয়ংকৰ সমস্যাৰ সন্মুখীন হ’ব লাগিব গাড়ীৰ গৰাকীসকল৷ উল্লেখ্য যে আজিৰ দিনটোত পেট্ৰলৰ মূল্যতে গ্ৰাহকসকলে কিনিব লগা হৈছে ইথানল মিশ্ৰিত পেট্ৰল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here