ফ্ৰীজত ৰখা শাক-পাচলি কিমান সুৰক্ষিত ?

0
1909

আমি গৰমৰ দিনত প্ৰখৰ ৰ’দত ঘূৰি ফুৰি ঘৰ সোমায়েই এগিলাচ ফ্ৰীজৰ পানী খালেহে সকাহ পোৱা যেন অনুভৱ কৰোঁ৷ আজিকালি আমাৰ সকলোৰে ঘৰত থকা এবিধ অত্যাৱশ্যকীয় সামগ্ৰী হ’ল ফ্ৰীজ৷ ইয়াত বজাৰৰ পৰা অনা শাক-পাচলি, ফল-মূল আদি বহুদিনলৈ নষ্ট নোহোৱালৈ সংৰক্ষণ কৰি ৰাখিব পাৰি৷ ঘৰুৱা সামগ্ৰী হিচাপে ফ্ৰীজৰ প্ৰয়োজনীয়তা যথেষ্ট যদিও ইয়াৰ ঋণাত্মক গুণো নথকা নহয়৷ ফ্ৰীজত কেইবাদিনলৈ শাক-পাচলি বেয়া নোহোৱাকৈ ৰাখিলেও সেইবোৰ খাদ্যৰ বহুতো দিশত পুষ্টি হ্ৰাস পায় বুলি হাৰ্ভাৰ্ডৰ মণ্টেগু জেমছ্ নামৰ এজন গৱেষকে প্ৰকাশ কৰিছে৷ এক গৱেষণাৰ জৰিয়তে তেওঁ কয় যে শাক-পাচলি আদিত ৰাসায়নিক দ্ৰব্যৰ মাত্ৰা বৃদ্ধি পায়৷ তেওঁ প্ৰকাশ কৰে যে পাচলিবোৰ গছৰ পৰা ছিঙি অনা বা খেতিৰ পৰা উঠাই অনাৰ পাছতো সেইবোৰৰ জীৱন থাকে৷ একেদৰে বজাৰৰ পৰা কিনি অনাৰ পাছতো সেইবোৰৰ কেইবাদিনলৈ সজীৱতা অটুট থাকে৷ সেইবোৰ যদি ১২-২৪ ঘণ্টা ফ্ৰীজত ৰখা হয়, তেন্তে সেই ফল-মূলবোৰৰ জীৱনচক্ৰ ভাঙি যায়৷ যাৰ ফলত ইয়াৰ পুষ্টিকাৰিতাও হ্ৰাস পাবলৈ ধৰে৷ সাধাৰণতে পালেং, গাজৰ, ভোল, ফুলকবি আদি পাচলিৰ ক্ষেত্ৰত এই পৰিঘটনাটো যথেষ্ট পৰিমাণে দেখা যায়৷ ঠিক একেদৰে ফ্ৰীজত ৰখা ফল-মূলৰ ক্ষেত্ৰতো একেই পৰিঘটনাৰ পুনৰাবৃত্তি ঘটে বুলি গৱেষকজনে মত পোষণ কৰে৷সেয়েহে আহক, আমি যিমান পাৰোঁ ফ্ৰীজত নৰখাকৈয়ে আমাৰ দৈনন্দিন জীৱনত প্ৰয়োজনীয় শাক-পাচলি তথা ফল-মূলবোৰ ব্যৱহাৰ কৰিবলৈ শিকো।

LEAVE A REPLY

Please enter your comment!
Please enter your name here