ফ’বিয়া– কিয় এক মানসিক ব্যাধি ?

0
2352

আমাৰ মনটোত বিভিন্ন সময়ত বেলেগ বেলেগ ধৰণৰ চিন্তাই ক্ৰিয়া কৰি থাকে৷ সুখ-দুখ, হাঁহি-কান্দোন আদিৰ বাহিৰেও কেতিয়াবা মনত শংকা, ভয় আদিৰ সৃষ্টি হয়৷ এই ভয় বা শংকাৰ কাৰণ কোনো এবিধ নিৰ্দিষ্ট বস্তু নাইবা পৰিৱেশৰ পৰাও হ’ব পাৰে৷ এই শংকাৰ আঁৰত যুক্তিগতভাৱে কোনো কাৰণ নাথাকিবও পাৰে৷ ই হৈছে এক অস্বাভাৱিক ভয়, যাক আমি সহজ অৰ্থত ফ’বিয়া বুলি কওঁ৷ কোনো কোনো ক্ষেত্ৰত কিছুসংখ্যকে পোক-পৰুৱা, কুকুৰ, মেকুৰী, সাপ আদিলৈ অকাৰণতে ভয় কৰে৷ আকৌ আন কোনোৱে পানী, জুই, ওখ ঠাই, ঘন হাবি আদি, আন কোনোৱে আকৌ সামাজিক পৰিৱেশত কথা-বাৰ্তাৰ আদান-প্ৰদানত ফ’বিয়াত ভোগে৷ আগতে হৈ যোৱা দুৰ্ঘটনাৰ স্মৃতিক লৈ পৰৱৰ্তী সময়ত বহুতে ফ’বিয়া আক্ৰান্ত হয়৷ ফ’বিয়াৰ বলি গৈ কিছুসংখ্যকে সামাজিকভাৱে মিলিব নোৱাৰি অকলশৰীয়া জীৱন বাছি লয়৷ বহুতে ইয়াক ৰোগ বুলি নাভাবে যদিও আচলতে ই এক মনৰ বেমাৰ৷ এইধৰণৰ ফ’বিয়াৰ পৰা আমি নিজেই নিজক শংকামুক্ত কৰিব পাৰোঁ৷ যদিহে আমি সেই বিশেষ শংকাৰ বিৰুদ্ধে প্ৰতিদিন সন্মুখীন হ’বলৈ সাহস কৰোঁ৷ মনোৰোগ বিশেষজ্ঞসকলে ফ’বিয়াৰ চিকিৎসাৰ ক্ষেত্ৰত কিছুমান বিশেষ থেৰাপী হাতত লোৱা দেখা যায়৷ যাৰ দ্বাৰা এনে ৰোগ নিৰ্মূল কৰাটো সম্ভৱপৰ হয়৷ সেয়ে কোনো বিষয় বা বস্তুক লৈ আমি ভয় বা শংকাত নুভুগি তাৰ বাস্তৱ তথা বিজ্ঞানসন্মতভাৱে মুখামুখি হোৱা উচিত৷ তদুপৰি দৈনন্দিন এনে শংকা বাঢ়ি গৈ থাকিলে মনোৰোগ বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো নিতান্তই প্ৰয়োজন৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here