Home Daily news প্ৰস্তৰ যুগৰ পাছত পৃথিৱীৰআকাশত দেখা যাব বিৰল ধূমকেতু

প্ৰস্তৰ যুগৰ পাছত পৃথিৱীৰআকাশত দেখা যাব বিৰল ধূমকেতু


এবছৰ দুবছৰ বা ১০০ বছৰ নহয়, প্ৰায় ৫০ হাজাৰ বছৰ পাছত পুনৰ দেখা পাব এক মহাজাগতিক ঘটনা৷ আৰু এই মহাজাগতিক ঘটনা শেষবাৰৰ বাবে দেখা পাব পাৰে বিশ্ববাসীয়ে৷ পৃথিৱীৰ আকাশত ৫০ হাজাৰ বছৰ পাছত পুনৰ দেখা দিব বিলৰ ধূমকেতু C/2022E3৷ এই ধূমকেতুটোৱে অহা ২ ফেব্ৰুৱাৰীত পৃথিৱীৰ একেবাৰে ওচৰত অৱস্থান কৰিব৷ C/2022E3 ধূমকেতুটো আমাৰ সৌৰজগতৰ একেবাৰে শেষ প্ৰান্তত সকলোতকৈ বেছি সময় থাকিব৷ বিভিন্ন শিলাখণ্ড আৰু বৰফৰ পৰিমণ্ডলে সৌৰমণ্ডলক ঘেৰি ধৰিছে আৰু তাৰ মাজতে C/2022E3 ধূমকেতুটোৱে অৱস্থান কৰিব৷ বিজ্ঞানীয়ে জনোৱা মতে প্ৰতি ৫০ হাজাৰ বছৰৰ মূৰত C/2022E3 নামৰ ধূমকেতুটোৱে এবাৰ সূৰ্যক প্ৰদক্ষিণ কৰে৷ এই ধূমকেতুটো শেষবাৰৰ বাবে পৃথিৱীৰ আকাশত আৱিৰ্ভাৱ হৈছিল প্ৰস্তৰ যুগত৷ সেই সময়ত পৃথিৱীত নিয়ানডাৰ্থাৰ তথা মানুহৰ সহাৱস্থান আছিল৷ বিজ্ঞানীয়ে সদৰী কৰা মতে পৃথিৱীৰ পৰা C/2022E3 ধূমকেতুটোৰ দূৰত্ব ৪-৫ কোটি কিলোমিটাৰ৷ একাংশ বিজ্ঞানীৰ মতে প্ৰস্তৰ যুগত পৃথিৱীত C/2022E3-ক দেখা পোৱা গৈছিল৷ ইয়াৰ আলোক দূষণমুক্ত পৰিৱেশত উত্তৰ গোলাৰ্ধত দেখা পোৱা যায়৷ বুয়েটছ নক্ষত্ৰমণ্ডলৰ ওচৰা-উচৰিকৈ লঘু সপ্তৰ্ষিমণ্ডলৰ পূবে C/2022E3-এ অৱস্থান কৰিছে৷ সেয়ে ৰ অথবা ২ ফেব্ৰুৱাৰীত খালী চকুৰে দেখা পোৱা যাব C/2022E3-ক৷ বিজ্ঞানীয়ে জানিবলৈ দিয়া মতে ক ঘেৰি আছে বিভিন্ন গেছৰ মেঘে৷ ইয়াত পোৱা কাৰ্বন গেছ বিৰল প্ৰকৃতিৰ৷ এই ধূমকেতুত ডায়াটনিক কাৰ্বন পোৱা যায়, যাৰ সৈতে দুটা কাৰ্বন পৰমাণুৰে গঠিত৷ বিজ্ঞানীসকলে ধাৰণা কৰা মতে এইবাৰো হয়তো শেষবাৰ C/2022E3-ক দেখা পোৱা যাব৷

Most Popular

বিস্কুটৰ গাত অসংখ্য ছিদ্ৰ থকাৰ আঁৰৰ কথা জানেনে ?

বিস্কুট খোৱাটো আমি সকলোৱে পচন্দ কৰোঁ৷ পুৱাৰ ফিকা চাহকাপৰ সৈতে এখন বিস্কুট খোৱাৰ আমেজেই সুকীয়া৷ চাহ-বিস্কুটৰ জুতি নল’লে দিনটো যেন অসম্পূৰ্ণ হৈয়ে...

বিজ্ঞানীৰ উদ্ভাৱন : বিশ্বৰ ৰূপ সলনি কৰিব Red matter-এ

আধুনিক বিজ্ঞান-প্ৰযুক্তিৰ দিশত বিজ্ঞানীসকলে ন ন কৌশল উদ্ভাৱন ব্ৰতী হৈ আছে৷ ইয়াৰে ফচল হিচাপে এইবাৰ বিজ্ঞানীসকলে নতুন পদাৰ্থ...

নিমিষতে ম’বাইল ডাটা শেষনহ’বলৈ এই পদ্ধতি অৱলম্বন কৰক

আপুনি গোটেই দিনটোত ফে’চবুক, ৱাটছএপ কোনোটোৱে ব্যৱহাৰ কৰা নাই, অথচ আপোনাৰ স্মাৰ্টফোনটোৰ ডাটা ৫০ শতাংশ শেষ হৈ গৈছে৷ তাৰ বাবে আপুনি কাষ্টমাৰ...

বেচনৰ হেয়াৰ মাস্ক : চুলিৰ যত্নত কিদৰে ব্যৱহাৰ কৰিব ?

বহু যুগ ধৰি সৌন্দৰ্য বজাই ৰখাৰ বাবে বেচন ব্যৱহাৰ হৈ আহিছে৷ ছালৰ উজ্জ্বলতা, ব্ৰুন বা মুখৰ দাগ, পিগমেণ্টটেশ্যন আদি ছালৰ যিকোনো সমস্যা...