Home Daily news পৃথিৱীৰ জলবায়ু বিশৃংখলাৰ দিশে আগবাঢ়িছে : গুটেৰেছ

পৃথিৱীৰ জলবায়ু বিশৃংখলাৰ দিশে আগবাঢ়িছে : গুটেৰেছ

ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান এণ্টনিঅ’ গুটেৰেছে সকীয়াই দিয়ে যে পৃথিৱীখন অপৰিৱৰ্তনীয় ‘জলবায়ু বিশৃংখলা’ৰ ফালে আগবাঢ়িছে৷ ইজিপ্তত অনুষ্ঠিত হ’বলগীয়া আগন্তুক জলবায়ু শীৰ্ষ সন্মিলনত অংশ গ্ৰহণ কৰিবলগীয়া বিশ্বৰ নেতাসকলক তেওঁ নিৰ্গমণ হ্ৰাস কৰাৰ অৱস্থালৈ পৃথিৱীক আনিবলৈ আহ্বান জনায়৷ ইয়াৰ উপৰি জলবায়ুৰ পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজাত বিত্ত যোগান ধৰাৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ তথা পুনৰনবীকৰণ শক্তি ব্যৱহাৰ দ্ৰুত কৰাত উন্নয়নশীল দেশসমূহক সহায় কৰিবলৈ তেওঁ আহ্বান জনায়৷ ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধানজনে কয় যে কপ ২৭ নামে জনাজাত ‘ইউ এন ফ্ৰে’মৱৰ্ক কনভেনশ্যন অন ক্লাইমেট চেঞ্জ’ত ২৭ সংখ্যক বাৰ্ষিক সন্মিলন ‘পুনৰ বিশ্বাস গঢ়াৰ আৰু জলবায়ুৰ এই বিপদৰ পৰা বিশ্বক উদ্ধাৰ কৰাৰ আকাংক্ষা পুনৰ স্থাপন কৰাৰ এখন মঞ্চ হ’ব লাগিব৷ 
তেওঁ আৰু কয় যে ৬ নৱেম্বৰত ইজিপ্ত শ্বৰ্ম এল-শ্বেখত আৰম্ভ হ’বলগীয়া কপ ২৭ৰ পৰা পাবলগীয়া আটাইতকৈ গুৰুত্বপূৰ্ণ ফল হ’ব লাগিব নিৰ্গমণ দ্ৰুতভাৱে হ্ৰাস কৰাৰ এক স্পষ্ট ৰাজনৈতিক সদিচ্ছা৷ তাৰ বাবে প্ৰয়োজন হ’ব অধিক চহকী উন্নত দেশবোৰৰ মাজত এখন ঐতিহাসিক চুক্তি৷ গুটেৰেছে কয় যে যদি সেই চুক্তি স্বাক্ষৰিত নহয়, আমাৰ সৰ্বনাশ হ’ব৷ ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানজনে আৰু কয় যে চুক্তিখনত অধিক চহকী দেশবোৰে উন্নয়নশীল দেশবোৰক পুনৰনবীকৰণ শক্তি ব্যৱহাৰ দ্ৰুত কৰিবলৈ বিত্তীয় আৰু কাৰিকৰী সাহায্য আগবঢ়াব লাগিব৷ গুটেৰেছে কয় যে গ্ল’বেল ৱাৰ্মিং বা গোলকীয় উষ্ণতাৰ বাবে দোষী গ্ৰীন হাউছ গেছৰ নিৰ্গমণ ২০৩০ চনৰ ভিতৰত ৪৫ শতাংশ হ্ৰাস পাব লাগিব বুলি বিজ্ঞানীসকলে সকীয়াই দিয়াৰ বিপৰীতে যোৱা কেইসপ্তাহমানৰ প্ৰতিবেদনে এক স্পষ্ট আৰু হতাশাজনক ছবিহে দেখুৱাইছে৷

Most Popular

বেদতে আছিল বিজ্ঞানৰ সমস্ত সূত্ৰতোলপাৰ লগাইছে এই দাবীয়ে

বিজ্ঞানৰ সমস্ত সূত্ৰ বেদতে আছিল৷ এই দাবী কৰিছে ইছৰ’ৰ অধ্যক্ষ এছ সোমনাথে৷ ভাৰতৰ মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ৰ অধ্যক্ষ সোমনাথে কোৱা মতে...

প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰপৰাপৃথিৱীলৈ এলিয়েন ছিগ্‌নেল প্ৰেৰণ

পৃথিৱীৰ বাহিৰতো আন জীৱৰ সন্ধান অব্যাহত থকা অৱস্থাত প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰ পৰা পৃথিৱীলৈ মহাবিশ্বৰ এটা সংকেত প্ৰেৰণ কৰা হৈছে৷ আন...

সুখবৰ : ডায়েবেটিছৰ বাবে বিশ্বৰ প্ৰথম অৰেল ইনছুলিন উদ্ভাৱন

বৰ্তমান বিশ্বত ডায়েবেটিছ ৰোগে ভয়াৱহভাৱে দেখা দিছে৷ অনিয়মীয়া খাদ্য গ্ৰহণ, দৈনন্দিন জীৱন প্ৰণালীৰ সালসলনি, আৰামপ্ৰিয় জীৱন, পৰিশ্ৰমহীন কৰ্ম, খাদ্য সামগ্ৰী ভেজালকৰণ ইয়াৰ...

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,